ETV Bharat / state

Assam Assembly winter Session: অসম বিধানসভাত অপৰাধীৰ সমৰ্থনকাৰী আছে: বিধায়ক ৰূপজ্যোতি কুৰ্মী

author img

By

Published : Dec 24, 2022, 2:08 PM IST

অপৰাধ তথা এনকাউণ্টাৰৰ প্ৰসংগকলৈ উত্তপ্ত সদন (Assam Assembly winter Session)। এঘণ্টাৰ বাবে স্থগিত সদন । অপৰাধ তথা অপৰাধীৰ সমৰ্থন কৰা প্ৰতিজন বিৰোধী বিধায়কৰ বিৰুদ্ধে চি বি আই তদন্ত কৰাৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ ।

Rupjyoti Kurmi says opposition MLAs support criminals
অসম বিধানসভাত অধিবেশনকলৈ প্ৰতিক্ৰিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

গুৱাহাটী, ২৪ ডিচেম্বৰ: অসম বিধানসভাত বিভিন্ন অপৰাধ তথা অপৰাধীৰ সমৰ্থন কৰা বিৰোধী বিধায়কসকলৰ বিৰুদ্ধে চি বি আই তথা 'নিয়া' তদন্ত কৰাৰ দাবী উত্থাপন কৰিলে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । উল্লেখ যে অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি পঞ্চম দিনা অপৰাধ তথা এনকাউণ্টাৰৰ প্ৰসংগকলৈ সদন উত্তপ্ত হৈ পৰে (Assam Assembly winter Session)।

বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই অসমত বিগত সময়ত এটাও এনকাউণ্টাৰ হোৱা নাই বুলি কোৱাৰ লগে লগে অখিল গগৈকে ধৰি বিৰোধী বিধায়কসকল সৰৱ হৈ পৰে । তাৰ মাজতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত চোৰ-ডকাইত, বলাৎকাৰী, জেহাদী আদিৰ সমৰ্থনকাৰী আছে বুলি মন্তব্য কৰে (MLA Rupjyoti Kurmi reaction about opposition MLAs) ।

ইয়াক লৈ সদন উত্তপ্ত হৈ পৰে (Assam Assembly heated over crime and encounters) । যাৰবাবে অধ্যক্ষই এঘণ্টাৰ বাবে সদন স্থগিত ৰাখে । প্ৰশ্নোত্তৰৰ সময়ত এই ঘটনা সংঘটিত হয় । সদনৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বিধানসভাত অপৰাধৰ পক্ষ লৈ পূৰ্বে এনেদৰে হুলস্থূল হোৱা নাছিল । এয়া নজিৰ বিহীন ঘটনা । মন্ত্ৰীয়ে চোৰ ডকাইত সন্দৰ্ভত উত্তৰ দিবলৈ লওঁতেই অখিল গগৈকে ধৰি বিৰোধী বিধায়কে হুলস্থূল কৰিলে ।

তেওঁ কয় যে বিৰোধী বিধায়কে চোৰ-ডকাইতকে ধৰি অপৰাধীৰ সমৰ্থন কৰে । অপৰাধ তথা অপৰাধীৰ সমৰ্থন কৰা প্ৰতিজন বিৰোধী বিধায়কৰ বিৰুদ্ধে চি বি আই তদন্ত কৰাৰ বাবে তেওঁ দাবী উত্থাপন কৰে । লগতে তেওঁ বিধানসভাত চোৰ-ডকাইত তথা জেহাদীৰ সমৰ্থন কৰা বিধায়ক থকাকলৈ উদ্বেগ প্ৰকাশ কৰে (Rupjyoti Kurmi says opposition MLAs support criminals) ।

এনকাউণ্টাৰৰ প্ৰসংগত তেওঁ কয় যে অসমত এনকাউন্টাৰ হোৱা নাই । কিন্তু আৰক্ষীক কোনোবাই আক্ৰমণ কৰা কাৰণেহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ যুক্তি দিয়ে । উল্লেখ্য যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে । যাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

উল্লেখ্য যে পঞ্চদশ অসম বিধানসভা, ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন (Assam Assembly Winter Session 2022) যোৱা মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । ইতিমধ্যে বিধানসভাৰ শীতকালীন অধিবেশনত কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা হৈছে । বিধানসভাৰ অধিবেশনৰ আজি অন্তিম দিনাও কেইবাখনো বিধায়ক উত্থাপন আৰু গৃহীত কৰা‌ হ’ব ।

লগতে পঢ়ক: Assam assembly winter session: এঘন্টাৰ বাবে স্থগিত বিধানসভাৰ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.