গুৱাহাটী, 12 ফেব্ৰুৱাৰীঃ অসমৰ চাহ উদ্যোগ কেইদিনমান পাছত বন্ধ হৈ যোৱাৰ দাবী বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত বিধায়ক গৰাকীয়ে কয় যে, "অচ্ছে দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত সকলো উদ্যোগ বন্ধ হোৱাৰ পৰিৱেশ ইতিমধ্যে আহি পৰিছে ।
ইতিমধ্যে কৰিমগঞ্জৰ হাতিগিৰা চাহ বাগান ৮ মাহে ৰেচন বনাচ নোহোৱাৰ বাবে বন্ধ হৈ পৰা বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে সোণাৰি সমষ্টিৰ শিঙৰাজান চাহ বাগান, মৰিগাঁও সমষ্টিৰ সোণোৱাল চাহ বাগান বিগত ৭ মাহে বন্ধ হৈ থকাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে । ইয়াৰ উপৰিও এপিজে চাহ বাগানৰ অধীনত ১৪ খন বাগান বন্ধ হৈ আছে । চৰকাৰৰ ভুল নীতিৰ বাবেই এই বাগান সমূহ বন্ধ হৈ আছে মন্তব্য কৰে কুৰ্মীয়ে ।
আনহাতে, প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী শ্ল'গানৰ চকীদাৰৰ কথা উল্লেখ কৰি তেওঁ কয়, 'আজি চকীদাৰৰ দিনতে ইজনৰ পিছত সিজন ধনকুবেৰে অবৈধ ভাৱে ভাৰতৰ টকা নি বিদেশত ঘূৰি আছে । কিন্তু কাণসাৰ নাই এই চৰকাৰৰ ।'
আৰু পঢ়কঃ প্ৰয়োজনত হাগ্ৰামাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৱে !