ETV Bharat / state

মহানগৰীবাসীক মাছৰ যোগান ধৰিছে ৰূপ নগৰ মাছ বিক্ৰী কেন্দ্ৰই - লক ডাউনত মাছৰ যোগান চূপ নগৰ মাছ বিক্ৰী কেন্দ্ৰ

মহানগৰবাসীক দৈনিক 50 হাজাৰ কেজি মাছৰ প্ৰয়োজন হয় যদিও এই সময়ছোৱাত সেয়া সম্ভৱ নহয় বুলি কয় ডি জে শৰ্মাই

মহানগৰীবাসীক মাছৰ যোগান ধৰিছে ৰূপ নগৰ মাছ বিক্ৰী কেন্দ্ৰই

author img

By

Published : Apr 11, 2020, 3:38 PM IST

গুৱাহাটী, 11 এপ্ৰিল: শুকুৰবাৰৰ পৰা মাছৰ যোগান ধৰা হৈছে মহানগৰবাসীক । মীন বিভাগৰ বিষয়া ডি জে শৰ্মাই জানিবলৈ দিয়া অনুসৰি গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই গ্ৰাহকক মাছ বিক্ৰী কৰা হৈছে। লগতে মাছ কিনাৰ পূৰ্বে হাত পৰিষ্কাৰ কৈ ধোৱাৰো ব্যৱস্থা কৰিছে প্রশাসনে।

মহানগৰীবাসীক মাছৰ যোগান ধৰিছে ৰূপ নগৰ মাছ বিক্ৰী কেন্দ্ৰই

শুকুৰবাৰে 11 কুইণ্টল মাছ বিক্ৰী হোৱাৰ লগতে যথেষ্ট গ্ৰাহকৰ ভিৰ হোৱা বুলি জানিবলৈ দিয়াৰ লগতে মহানগৰবাসীক দৈনিক 50 হাজাৰ কেজি মাছৰ প্ৰয়োজন হয় যদিও এই সময়ছোৱাত সেয়া সম্ভৱ নহয় বুলি কয় ডি জে শৰ্মাই । উল্লেখ্য বৰ্তমানলৈ কেৱল মহানগৰীৰ ৰূপ নগৰৰ এই মাছ বিক্ৰী কেন্দ্ৰত মাছ বিক্ৰী কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনে মাছ বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.