ETV Bharat / state

Lok Sabha election 2023: লোকসভা নিৰ্বাচনৰ বাবে বিশেষ ৰণকৌশলেৰে তৎপৰ শাসকীয় দল

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:23 PM IST

Updated : Sep 24, 2023, 9:25 PM IST

২৬ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বুথে বুথে চলিব অভিযান । ঘৰে ঘৰে যাব কাৰ্যকৰ্তা। ৰাইজক ক'ব চৰকাৰৰ উন্নয়নমূলক কাম-কাজ আৰু আঁচনিৰ বিষয়ে। বহুকেইটা ইচ্ছ্যু লৈ ৰাইজৰ সমৰ্থন আদায়ৰ প্ৰয়াস বিজেপিৰ। ২৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সংখ্যালঘু মৰ্চাই আৰম্ভ কৰিব গাঁও সম্পর্ক অভিযান। অভিযানৰ তদাৰকৰ বাবে ৰাজ্যিক আৰু জিলা পর্যায়ত গঠন কৰা হৈছে বিশেষ টীম।

Lok Sabha election 2023
লোকসভা নিৰ্বাচনৰ বাবে বিশেষ ৰণকৌশলেৰে তৎপৰ শাসকীয় দল

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে। অসমৰ ১৪ খন আসনৰ ভিতৰত কমেও ১২ খন আসন লাভৰ লক্ষ্যৰে গেৰুৱা দলটোৱে গ্ৰহণ কৰিছে নতুন ৰণনীতি।লক্ষ্যত উপনীত হোৱাৰ বাবে শাসকীয় দলটোৱে ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব বুথ সশক্তিকৰণ অভিযান।

আনহাতে ২৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সংখ্যালঘু মৰ্চাই আৰম্ভ কৰিব গাঁও সম্পর্ক অভিযান। এই অভিযানৰ তদাৰক কৰিবলৈ শাসকীয় দলটোৱে ৰাজ্যিক আৰু জিলা পর্যায়ত বিশেষ টিম গঠন কৰিছে। বিৰোধীৰ সকলো তৎপৰতা ধূলিসাৎ কৰাৰ বাবে বিজেপিয়ে বিশেষ প্ৰস্তুতি চলাইছে। লক্ষণীয় বিষয় যে, বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে প্ৰায় সকলো বিৰোধী ঐক্যবদ্ধ হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে অসমতো কংগ্ৰেছৰ নেতৃত্বত বাৰটাকৈ দল ঐক্যবদ্ধ হৈছে। বিৰোধীৰ এনে তৎপৰতাৰ বাবে বিজেপি আৰু অধিক সষ্টম হৈ পৰিছে। কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই শাসকীয় দলটোৱে। বিৰোধীৰ প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিবৰ বাবে গেৰুৱা দলটোৱে প্ৰস্তুত কৰিছে ব্লুপ্ৰিণ্ট ৷ ইয়াৰ অংশ স্বৰূপেই অসমৰ কমেও ১২ খন আসনত বিজয়ী হ’বলৈ তৎপৰতা চলাইছে বিজেপিয়ে।

জানিব পৰামতে, অসমত চলিবলগীয়া বুথ সশক্তিকৰণ অভিযানৰ সময়ত শাসকীয় দলটোৱে ৰাজ্যিক আৰু জিলা পৰ্যায়ত গঠন কৰি দিয়া টীমে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা দলৰ বুথ কমিটীসমূহৰ সৈতে যোগাযোগ কৰিব। প্ৰতিখন বুথ কমিটীৰ সভাপতিৰ সৈতে বাৰ্তালাপ কৰি উক্ত টিমে লোকসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবে পৰামৰ্শ দিব। বিশেষকৈ ৰাইজৰ কাষলৈ যোৱাৰ ক্ষেত্রত ল'বলগীয়া বিষয়সমূহৰ ক্ষেত্রত সম্যক জ্ঞান দিব উক্ত টীমে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত দেশজুৰি বিজেপিৰ মূল ইচ্ছ্যু হ’ব চন্দ্ৰ অভিযান, ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলন, মহিলাৰ সংৰক্ষণ বিধেয়ক, পি এম বিশ্বকর্মা আঁচনি আদি চৰকাৰখনৰ বিভিন্ন সফলতা তথা আঁচনি। অসমৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ত গঠিত বিশেষ টীমে ২৬ ছেপ্টেম্বৰৰ পৰা এই ইচ্ছ্যুসমূহৰ আধাৰত বুথ কমিটীৰ বিষয়ববীয়াসকলৰ যোগেদি ৰাইজৰ মাজলৈ যাব। মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকে প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিব। এই ইচ্ছ্যুসমূহত অসম চৰকাৰৰ বিভিন্ন কাম আৰু আঁচনিও অন্তৰ্ভুক্ত থাকিব।

সেইদৰে ২৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ অনুসূচিত জাতি অধ্যুষিত অঞ্চলত বিজেপিৰ অনুসূচিত জাতি মৰ্চাই গাঁও সম্পর্ক অভিযান চলোৱাৰ সমান্তৰালকৈ সংখ্যালঘু বসতিপ্রধান অঞ্চলত সংখ্যালঘু মৰ্চা আৰু অনুসূচিত জনজাতি বসতিপ্রধান অঞ্চলত অনুসূচিত জনজাতি মৰ্চাই গাঁও সম্পর্ক অভিযান চলাব।

এই অভিযানকালত মৰ্চাসমূহৰ বিষয়ববীয়াসকলে ঘৰে ঘৰে গৈ ৰাইজৰ মাজত প্ৰচাৰ চলাব। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন কাম-কাজৰ বিষয়ে ৰাইজক অৱগত কৰি সমর্থন আদায়ৰ প্ৰয়াস কৰিব। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধা বিজেপিয়ে সময় সাপেক্ষ্যে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে।

লগতে পঢ়ক: Guwahati Tense Situation: নিম্নমানৰ খাদ্যক লৈ মহানগৰী কল্প হোটেলত উত্তেজনা

Last Updated : Sep 24, 2023, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.