ETV Bharat / state

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষ ড৹ ৰুক্ম গোহাঁই বৰুৱা - AHSEC

চৰকাৰৰ গাইডলাইন অনুসৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । চৰকাৰে সিদ্ধান্ত ল'লে ১৫ দিনৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু ।

chairman of ahsec
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে দায়িত্বভাৰ ল'লে ড৹ ৰুক্ম গোহাঁই বৰুৱাই
author img

By

Published : Jun 2, 2021, 9:08 PM IST

গুৱাহাটী, ২ জুন : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষ ৰূপে আজি দায়িত্বভাৰ গ্ৰহণ কৰিলে ড৹ ৰুক্ম গোহাঁই বৰুৱাই । দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড৹ বৰুৱাই ঘোষণা কৰে যে, চৰকাৰৰ গাইডলাইন অনুসৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।

সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড৹ বৰুৱাই কয় মোৰ ডাঙৰ প্ৰত্যাহ্বান হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা । ক'ভিড নীতি-নিৰ্দেশনা মানি পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাটোৱেই হৈছে মূল লক্ষ্য। আনহাতে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়াই কয় যে জুলাই-আগষ্ট মাহৰ ভিতৰত অনুষ্ঠিত হ'ব পাৰে পৰীক্ষা । ছটা বিষয় বিকল্প হিচাপে দিয়া হ'ব আৰু ইয়াৰ পৰা তিনিটা বিষয় লৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা বিবেচনা কৰা হৈছে।

chairman of ahsec
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে দায়িত্বভাৰ ল'লে ড৹ ৰুক্ম গোহাঁই বৰুৱাই

ইতিমধ্যে চৰকাৰলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে যদিও এই মুহূৰ্তলৈকে চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সচিবগৰাকীয়ে জানিবলৈ দিয়ে । চৰকাৰে সিদ্ধান্ত ল'লে ১৫ দিনৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।

আনহাতে, বিদায়ী অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে কয় যে আগন্তুক বৰ্ষৰ পৰা নাথাকিব ঐচ্ছিক ইংৰাজী বিষয়, এম আই এল হিচাপে ল'ব লাগিব যিকোনো ভাষা । তেওঁ লগতে কয়- "অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ'লে ৰাজনীতি কৰিলে নহ'ব । জাতি ৰক্ষা কৰিবলৈ হ'লে ভাষা প্ৰেম লাগিব। অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ'লে মানুহক অসমীয়া পঢ়িবলৈ বাধ্য কৰাব লাগিব । নহ'লে অসমীয়া ভাষাৰ মৃত্যু হ'ব ।" উল্লেখ্য যে, নৱনিযুক্ত অধ্যক্ষ ড৹ ৰুক্ম গোহাঁই বৰুৱা ইয়াৰ পূৰ্বে লখিমপুৰ পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ অধ্যক্ষ আছিল ।

লগতে পঢ়কঃ হোজাইত চিকিৎসকক প্ৰহাৰ: ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.