ETV Bharat / state

Rozgar Mela: ২২৪ গৰাকী প্রার্থীক নিযুক্তি পত্র প্ৰদান কেন্দ্রীয় মন্ত্রী সোণোৱালৰ

author img

By

Published : Nov 22, 2022, 10:30 PM IST

গুৱাহাটীৰ আজাৰাৰ বিএছ এফৰ সীমান্ত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাৰ অনুষ্ঠান(Rozgar Mela at Azara BSF Camp) ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২২৪ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ।

Rozgar Mela at Azara BSF Camp
Rozgar Mela : ২২৪ গৰাকী প্রার্থীক নিযুক্তি পত্র প্ৰদান কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

গুৱাহাটী,22 নৱেম্বৰ: প্ৰধানমন্ত্ৰীৰ ৰোজগাৰ মেলা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ ,জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে গুৱাহাটীৰ আজাৰাৰ বিএছ এফৰ সীমান্ত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে(Cabinet Minister Sarbananda Sonowal) । অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে ২২৪ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে । প্ৰাৰ্থীসসকলে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ),ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ভাৰতীয় ৰে'ল, শ্ৰম বিভাগ, ইউনিয়ন বেংক অৱ ইণ্ডিয়া (ইউবিআই) ,অসম গ্ৰামীণ বিকাশ বেংক ,অইল ইণ্ডিয়া লিমিটেড (অইল), ডাক বিভাগ আৰু এইমছ্ আদিৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন শাখাত নিযুক্তি লাভ কৰিছে(Rozgar Mela at Azara BSF Camp) ।

আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা(MP Queen oja), বিএছএফৰ মহাপৰিদৰ্শক কমলজিৎ সিং বনিয়াল আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমে বিভিন্ন পদত নিযুক্তি লাভ কৰি দেশৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা প্ৰতিগৰাকী সফল প্ৰার্থীলৈ অভিনন্দন জ্ঞাপন কৰে ৷ ২০১৪ ৰ পূৰ্বে দেশৰ বিকাশৰ ধাৰা আছিল অত্যন্ত লেহেমীয়া ,কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বৰ ফলতেই দেশত অভূতপূৰ্ব বিকাশৰ ধাৰা সম্ভৱ হৈ উঠিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ৷

মোদীৰ বলিষ্ঠ নেতৃত্বৰ ফলতেই সমগ্ৰ দেশতে যুৱপ্ৰজন্মৰ সবলীকৰণ আৰু ব্যাপক হাৰত সংস্থাপন সম্ভৱ হৈছে । ৰোজগাৰ মেলাবোৰৰ যোগেদি দেশৰ যুৱপ্ৰজন্মক দেশৰ সেৱা কৰাৰ সুযোগ প্ৰদানৰ এক সবল প্ৰচেষ্টা বুলি উল্লেখ কৰে সোণোৱালে । মোদী ডাঙৰীয়াৰ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৃষ্টিভংগীৰে দেশক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব‌ বুলি উল্লেখ কৰাৰ লগতে এয়া প্ৰতিগৰাকী নৱনিযুক্ত প্ৰাৰ্থীৰ বাবে কর্মযোগী হোৱাৰ এক সুবর্ণ সুযোগ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: Meghalaya Cabinet decision: NIA ক তদন্তৰ দায়িত্ব দিয়াৰ পোষকতা মেঘালয় কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.