ETV Bharat / state

আপুনি কাহানিও নভবা-নিচিন্তা চিন্তা এজন অধ্যাপকৰ ! কংক্ৰিটৰ গুৱাহাটীত নভবা কথা - চাহ

ঘৰৰ চাদৰ ওপৰতে আৰম্ভ কৰিছে মৎস্য পালন, চাহৰ খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন শাক-পাচলিৰ খেতি ৷

কংক্ৰিটৰ মহানগৰীত সেউজ বিপ্লৱ এগৰাকী প্ৰাক্তন অধ্যাপকৰ !
author img

By

Published : May 31, 2019, 10:41 PM IST

গুৱাহাটী,৩১ মে' : হাতীগাঁৱৰ এগৰাকী ব্যক্তিৰ বাসগৃহত সততে দেখি নোপোৱা এক দৃশ্য । আচলতে কি এই নেদেখা দৃশ্য আপুনি জানেনে ! এই কংক্ৰিটৰ মহানগৰীত অভিনৱ প্ৰচেষ্টা চলাই একপ্ৰকাৰৰ সেউজ বিপ্লৱ গঢ়ি তুলিছে ড: অমৰজ্যোতি কাশ্যপে । ড: অমৰজ্যোতি কাশ্যপে তেওঁৰ দুমহলীয়া অট্টালিকাৰ চাদৰ ওপৰত কৰিছে ভেন্দি,লাই শাক,পালেং শাক, পানীলাউ, ৰঙালাউ, বেঙেনা, ফুলকবি, বন্ধাকবি আদিকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতি । কেৱল সেয়াই নহয় , চাদৰ ওপৰতে কৰিছে কমনকাৰ্প, ৰৌ, জাপানী কাৱৈ আদিৰে কৰিছে মৎস্য পালন । লগতে কৰিছে চাহ খেতি এই চাহৰ পৰা তেখেতে ঘৰত নিজে গ্ৰীণ টি' তৈয়াৰ কৰি নিজে খোৱাৰ উপৰিও বিক্ৰী কৰি এবছৰত এক লাখ টকা উপাৰ্জন কৰিছে ।

কংক্ৰিটৰ মহানগৰীত সেউজ বিপ্লৱ এগৰাকী প্ৰাক্তন অধ্যাপকৰ !

উল্লেখ্য যে,ড: অমৰজ্যোতি কাশ্যপ মহানগৰীৰ ললিত চন্দ্ৰ ভৰাঁলী মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল । বিগত ২০০০ চনত তেখেতে অধ্যাপক জীৱন বাদ দি তেখেতৰ নিজৰ পচন্দ অনুসাৰে সেউজ বিপ্লৱৰ লগত জড়িত হৈ পৰে । ড: অমৰজ্যোতিয়ে বিগত ২০০৫ চনতেই ওৱেষ্ট এচিমিলেটাৰ নামৰ এবিধ মেচিন তৈয়াৰ কৰি উলিয়াইছিল, যিটোৰ দ্বাৰা জৈৱিক সাৰৰ লগতে জৈৱিক কীটনাশক দ্ৰৱ্য উৎপন্ন কৰিব পাৰি । তেখেতে ঘৰুৱা জাৱৰ-জোথৰ সমূহৰ উচিত ব্যৱহাৰ কৰি এই মেচিনটোৰ সহায়ত মাত্ৰ এটা দিনৰ ভিতৰতে জৈৱিক সাৰ প্ৰস্তুত কৰি উলিয়ায় । ইয়াৰ যোগেদি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ লগতে তেখেতে স্বচ্ছ ভাৰত অভিযান পালন কৰি আহিছে । তেখেতৰ বিশ্বাস যে যদি প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত বা ঠাইৰ অভাৱ হ'লে চাদত এই সেউজ বিপ্লৱৰ সূচনা কৰে তেন্তে প্ৰদূষণ নিয়ন্ত্ৰণৰ লগতে আৰ্থিক পৰিমাণে হ'লেও কিছু সকাহ লাভ কৰিব পাৰিব ।

Intro:কংক্রিটৰ মহানগৰীত সেউজ বিপ্লৱৰে আপুনিও হ'ব পাৰে স্বাৱলম্বী। কিয়নো কংক্রিটৰ মহানগৰীত সততে দেখিবলৈ নোপোৱা এক দুৰ্লভ দৃশ্য আজি আমি আপোনালোকক দেখুৱাম মহানগৰীৰ হাতীগাৱৰ এগৰাকী ব্যক্তিৰ বাসগৃহত।

Body:মহানগৰীৰ এগৰাকী ব্যক্তিৰ অভিনৱ প্ৰচেষ্টা। সততে কংক্রিটৰ মহানগৰীত ভিন্ন সমস্যাই গা কৰি উঠা দেখিবলৈ নোপোৱা এক অসাধাৰণ দৃশ্য। কিন্তু এই কংক্রিটৰ মহানগৰীত অসাধাৰণ দৃশ্যকো সাধাৰণ কৰি তুলিছে ড: অমৰজ্যোতি কাশ্যপে।

ড: অমৰজ্যোতি কাশ্যপে তেওঁৰ দুমহলীয়া অট্টালিকাৰ চাঁদৰ ওপৰত কৰিছে সেউজ বিপ্লৱ। ভেন্দি, লাই শাক, পালেং শাক, পানীলাউ, ৰঙালাউ, বেঙেনা, ফুলকবি, বন্ধাকবি আদিকে ধৰি বিভিন্ন শাক-পাচলিৰ সেউজ বিপ্লৱ কৰিছে।

শাক-পাচলিৰ উপৰিও তেখেতে মৎস্য পালন আৰু চাহ খেতিৰে স্বাৱলম্বীতাৰ পথ আকোঁৱালি লৈছে। কমনকাৰ্প, ৰৌ, জাপানী কাৱৈ আদিৰে কৰিছে মৎস্য পালন। লগতে চাহ খেতিও কৰিছে। এই চাহৰ পৰা তেখেতে ঘৰত নিজে গ্ৰীণ টি' তৈয়াৰ কৰি নিজে খোৱাৰ উপৰিও বিক্ৰী কৰি এবছৰত এক লাখ টকা উপাৰ্জন কৰিছে। তেখেতে ৰাতিপুৱা চাহ কাপৰ পৰা নৈশ আহাৰলৈকে ঘৰত উৎপাদিত পাচলি সেৱন কৰে।

ড: অমৰজ্যোতিৰ মতে গ্ৰীণ টি সেৱন কৰিলে বিভিন্ন ধৰণৰ ৰোগৰ পৰা উপশম লাভ কৰিবলৈ পাৰি। যিহেতু চাহ খেতিৰ ক্ষেত্রত অসমৰ জলবায়ু উত্তম আৰু অসম বিখ্যাত গতিকে সকলোৱে চাহ খেতি কৰি উপাৰ্জনমুখী হ'ব পাৰিব।

ড: অমৰজ্যোতি কাশ্যপ মহানগৰীৰ ললিত চন্দ্র ভৰালী মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। বিগত ২০০০ চনত তেখেতে অধ্যাপক জীৱন বাদ দি তেখেতৰ নিজৰ পচন্দনুসাৰে সেউজ বিপ্লৱৰে জড়িত হৈ পৰে।

ড: অমৰজ্যোতিয়ে বিগত ২০০৫ চনতেই ওৱেষ্ট এচিমিলেটাৰ নামৰ এবিধ মেচিন তৈয়াৰ কৰি উলিয়াইছিল, যিটোৰ দ্বাৰা জৈৱিক সাৰৰ লগতে জৈৱিক কীটনাশক দ্ৰৱ্যও উৎপন্ন কৰে। তেখেতে ঘৰুৱা জাৱৰ জোঁথৰ পেলাই নিদি এই মেচিনটোৰে এদিনৰ ভিতৰতে জৈৱিক সাৰ প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ যোগেদি প্ৰদূষণ নিয়ন্ত্রণ কৰাৰ লগতে তেখেতে স্বচ্ছ ভাৰত অভিযান পালন কৰি আহিছে।

উতকট গৰমে দহি নিয়া মহানগৰীত তেখেতৰ এই বিপ্লৱৰ দ্বাৰা তেখেতৰ নিজা বাসগৃহটো কিছু পৰিমাণে হ'লেও শীতল অনুভৱ কৰায়। তেখেতৰ বিশ্বাস যে যদি প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰৰ চাদত এই সেউজ বিপ্লৱৰ সূচনা কৰে তেন্তে প্ৰদূষণ নিয়ন্ত্রণৰ লগতে আৰ্থিক পৰিমাণে হ'লেও কিছু সকাহ লাভ কৰিব।

বাইট: ড: অমৰজ্যোতি কাশ্যপ

Conclusion:ড: অমৰজ্যোতিৰ এই কৰ্মৰাজিৰে এইটোৱে প্ৰতিফলিত হৈছে যে কংক্রিটৰ মহানগৰীত নিজৰ একান্ত প্ৰচেষ্টা, বিশ্বাস থাকিলে সকলো সম্ভৱপৰ হৈ পৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.