গুৱাহাটী,17 অক্টোবৰঃ বৃহস্পতিবাৰে দিন-দুপৰতে মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ জালুকবাৰী আৰক্ষী থানাৰ কিছু নিলগতে সংঘটিত হয় এই চুৰি কাৰ্য ৷ আদাবাৰী তিনিআলীৰ পৰা দুৰ্বৃত্তই এগৰাকী ব্যৱসায়ীৰ পৰা লুটি নিয়ে ধন। পুৱা প্ৰায় 8 মান বজাত মন্টু কুমাৰ নামৰ ব্যৱসায়ীজনে দোকান খুলি থকা অৱস্থাতে দুৰ্বৃত্তই অতি কৌশলৰে লৈ যায় টকাৰ বেগটো। বেগটোত আছিল প্ৰায় 1 লাখ 20 হাজাৰ টকা । দোকানৰ সামগ্ৰী ক্ৰয় কৰিবৰ বাবেই ব্যৱসায়ীজনে ঘৰৰ পৰা বেগত লৈ আহিছিল টকাখিনি ।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছে যদিও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই দুৰ্বৃত্তক ৷ দোকানৰ বাহিৰত সংস্থাপিত কৰা চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিতেই চোৰৰ সন্ধানত নামি পৰিছে মহানগৰ আৰক্ষী ।