ETV Bharat / state

মহানগৰীৰ ধীৰেনপাৰাত দিন দুপৰতে ডকাইতি - পিষ্টল

ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি শিশুৰ মূৰত পিষ্টল থৈ নগদ ধন আৰু সোণ ৰূপৰ আ-অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলে ৷ বাধা প্ৰদান কৰিবলৈ অহা এজন ব্যক্তিক গুলিয়াই পলায়ন ডকাইতৰ দলটোৰ ৷

মহানগৰীৰ ধীৰেনপাৰাত দিনদুপৰতে ডকাইতি
মহানগৰীৰ ধীৰেনপাৰাত দিনদুপৰতে ডকাইতি
author img

By

Published : Oct 5, 2021, 10:11 PM IST

গুৱাহাটী,5 অক্টোবৰ : মহানগৰীত দিনদুপৰতে সংঘটিত হৈছে ডকাইতি ৷ ইটাভাটা দাৰগা পথত সংঘটিত হৈছে এই ঘটনা । মঙলবাৰে আবেলি প্ৰায় ৪.১০ মান বজাত সংঘটিত হয় এই ঘটনা । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধীৰেণপাৰা ইটাভাটা দাৰগা পথৰ নিবাসী গৌতম পালৰ ঘৰত আবেলি ৪.১০ মান বজাত এটা ৬ জনীয়া ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি নগদ ধনৰ লগতে সোণৰ অলংকাৰ লুটি লৈ যায় ।

উল্লেখযোগ্য যে, ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি শিশু মূৰত পিষ্টল থৈ ঘৰৰ নগদ ধন আৰু সোণ ৰূপৰ আ-অলংকাৰ লৈ যায় । ইপিনে ডকাইতৰ দলটো যোৱাৰ সময়ত বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি থৈ যোৱা দেখি লিটন মজুমদাৰে চিঞৰ বাখৰ কৰিবলৈ ধৰে ৷

তাৰপাছতে ডকাইতৰ দলটোৱে লিটন মজুমদাৰৰ মূৰত গুলিচালনা কৰি ঘটনাস্থলীত উপস্থিত থকা দুজন লোকক বন্দুক দেখুৱাই স্কুটী দুখন লৈ পলায়ন কৰে ঘটনাস্থলীৰ পৰা । আনহাতে খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লিটন মজুমদাৰক হায়াত হাস্পতালত ভৰ্তি কৰায় ।

উল্লেখযোগ্য যে, ডকাইতৰ দলটোৱে লৈ অহা AS-01DJ-9604 নম্বৰৰ ডাষ্টাৰ বাখন ঘটনাস্থলীতে এৰি পলায়ন কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ডাষ্টাৰ বাহনখন জব্দ কৰি থানালৈ লৈ আহে ৷

মনকৰিবলগীয়া যে, অসম আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই গুৱাহাটী মহানগৰীত অপৰাধ জনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়াকৈ ৰাজকন্যা বৰুৱা নামৰ এগৰাকী মডেলে কেইবাজনো শ্ৰমিকক গাড়ীয়ে মহতিয়াই লৈ যায় ৷ যাৰফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ইপিনে কেইবাজনো শ্ৰমিকক খুন্দিয়াই আঘাত প্ৰাপ্ত কৰা ৰাজকন্যা বৰুৱাই এদিনৰ পাছতে জামিন লাভ কৰিছিল ৷ সম্প্ৰতি যি কেইজন আৰক্ষী বিষয়াই ৰাজকন্যা বৰুৱাক জামিন দিছিল তেওঁলোকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰিজাভ ক্ল’জ কৰিছে আৰক্ষীয়ে ৷ এনেবোৰ ঘটনাই গুৱাহাটী মহানগৰী নিৰাপত্তাৰ দিশটো উদঙাই দিছে ৷

লগতে পঢ়কঃ কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে থাওৰাত প্ৰাৰ্থী দিয়াত উৎফুল্লিত সুশান্ত বৰগোহাঁই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.