গুৱাহাটী, 27 মাৰ্চঃ লক ডাউনৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হয় এক চুৰি কাণ্ড ৷ বৃহস্পতিবাৰে মাজ নিশা মালিগাঁৱৰ জয়মতী নগৰত সংঘটিত হয় এই চুৰি কাণ্ড । গৃহস্থ শুই থকা অৱস্থাত অতি কৌশলৰে ঘৰত প্ৰৱেশ কৰি চোৰে লুটি নিয়ে নগদ ধনসহ আ-অলংকাৰ ।
ইফালে,শুকুৰবাৰে পুৱা চোৰে তহিলং কৰা ঘৰটো প্ৰত্যক্ষ কৰি গৃহস্থই খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। কিন্তু লক ডাউনৰ সময়ছোৱাত মহানগৰীত ২৪ ঘণ্টাই আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী থকাৰ পিছত চোৰে কি দৰে এই কাৰ্য সংঘটিত কৰিলে সেয়া প্ৰশ্ন উত্থাপিত হৈছে। উক্ত ঘটনাই পুনৰ প্ৰমাণ কৰিলে মহানগৰ আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ।