ETV Bharat / state

গড়ে মাত্ৰ ৬০ শতাংশহে বাজেটৰ ধন খৰছ কৰিছে বিজেপি চৰকাৰে: ৰিপুণ বৰা

author img

By

Published : Jul 17, 2021, 8:31 PM IST

অসম বিধানসভাত বাজেট দাখিল কৰাৰ এটা দিনৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ বাজেটৰ ধন সম্পূৰ্ণভাৱে খৰছ কৰা নাই বিজেপি চৰকাৰে ৷ এই অভিযোগ ৰিপুন বৰাৰ ৷

Ripun Bora Reaction to Assam Budget
গড়ে মাত্ৰ ৬০ শতাংশ হে খৰছ বাজেটৰ ধনঃ ৰিপুণ বৰা

গুৱাহাটী, ১৭ জুলাই: "বাজেটত ধাৰ্য কৰা ধন সম্পূৰ্ণভাৱে ব্যয় কৰা নহয় ৷ ধাৰ্য কৰা ধনৰ 60 বা 70 শতাংশ হে খৰচ কৰিবলৈ সক্ষম হৈছে বৰ্তমানৰ বিজেপি চৰকাৰখনে ৷ অৰ্থাৎ বাজেটত প্ৰতি বছৰে ধাৰ্য কৰা ধনৰাশি খৰচ কৰাত ব্যৰ্থ বিজেপি চৰকাৰ ৷" অসম বিধানসভাত বাজেট দাখিল কৰাৰ এটা দিনৰ পাচতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই ৷

২০১৫-১৬ বৰ্ষৰ পৰা আৰম্ভ কৰি ২০১৯-২০ বিত্তীয় বৰ্ষলৈকে ৰাজ্য চৰকাৰে বাজেটৰ ধন প্ৰতি বছৰে গড়ে ৬০ শতাংশহে খৰচ কৰিবলৈ সক্ষম হৈছে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । সংবাদমেলত ৰিপুন বৰাই কয়, প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰে পৰা আৰম্ভ কৰি এতিয়ালৈকে বাজেটৰ প্ৰতিশ্ৰুতি পালনৰ লগতে বাজেটত ধাৰ্য কৰা ধন ব্যয় কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ৷

শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ভাগ লৈ বৰাই কয়, ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈকে বাজেটৰ ধন কোনোবাটো বছৰত ৪২ শতাংশ, কোনোবাটো বছৰত ৪৩ শতাংশ বা কোনোবাটো বছৰত ৪৫ শতাংশহে ব্যয় কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখন ।

গড় হিচাপত বছৰি ৬০ শতাংশতকৈ অধিক বাজেটৰ ধন ব্যয় কৰিবলৈ সক্ষম হোৱা নাই এই চৰকাৰ । ২০১৫-১৬ বৰ্ষৰ বাজেটৰ পৰা এতিয়ালৈকে অলেখ প্ৰতিশ্ৰুতি দিলে চৰকাৰখনে । কিন্তু কাৰ্যকৰী নহ'ল । প্ৰতিশ্ৰুতিৰ নামত প্ৰত্যেক ক্ষেত্ৰতে কেৱল প্ৰৱঞ্চনাহে কৰি আহিলে চৰকাৰখনে । এইদৰে মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক: Jeans, T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.