ETV Bharat / state

কয়লা চিণ্ডিকেটক নিৰ্বাচনী ইচ্ছাু বনাব কংগ্ৰেছে

কয়লা চিণ্ডিকেটৰ লগত বিজেপি নেতা জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল ৷ কৃষক সন্মাননিধিৰ আঁচনিত 1800 কোটি টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ সভাপতিগৰাকীৰ ৷

ripun borah criticised bjp
কৃষক সন্মাননিধিৰ আঁচনিৰ দূৰ্নীতিৰ চিবিআই তদন্তৰ দাবী ৰিপুণ বৰাৰ
author img

By

Published : Jun 5, 2020, 8:23 PM IST

গুৱাহাটী , 5 জুনঃ দিল্লীৰ পৰা উভতি আহি ১৪ দিন হোম কোৱাৰেইণ্টাইনত থকাৰ পিছত শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক আক্ৰমণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ লক ডাউনৰ গইনা লৈ ৰাজ্যত চৰকাৰে কয়লাৰ চিণ্ডিকেট চলাই থকাৰ ভয়ংকৰ অভিযোগ সভাপতি গৰাকীৰ ৷

কৃষক সন্মাননিধিৰ আঁচনিৰ দূৰ্নীতিৰ চিবিআই তদন্তৰ দাবী ৰিপুণ বৰাৰ

দিহিং-পাটকাই বৰ্ষাৰণ্য আৰু ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰি এফালে বিজেপিয়ে বন ধ্বংস চলাইছে আৰু আনফালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰোপণ কৰিছে ৷ বিজেপিৰ বহু নেতা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে কয়লা চিণ্ডিকেটৰ লগত ৷ বিজেপিয়ে অসমবাসীক মূৰ্খ সজাই সাপ হৈ খুটিছে,বেজ হৈ জাৰিছে বুলি বিজেপি দলক কটাক্ষ সাংসদ তথা সভাপতি গৰাকীৰ ৷ লগতে সভাপতি গৰাকীয়ে উল্লেখ কৰে যে,২০০৩ চনত দিহিং-পাটকাইত কয়লা খননৰ চুক্তি শেষ হৈছিল আৰু সেই সময়ত কেন্দ্ৰত থকা অটল বিহাৰী বাজপেয়ীৰ বিজেপি চৰকাৰখনে কয়লা খননৰ ম্যাদ বৃদ্ধি কৰিবলৈ অসম চৰকাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও তৰুণ গগৈয়ে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি প্ৰদান কৰা নাছিল ।

উল্লেখযোগ্য যে,২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপি দলৰ পৰোক্ষ অনুমতিত চলি থকা কয়লা চিণ্ডিকেটক ইছ্যু হিচাপে লৈ নিৰ্বাচনী যুঁজত নামিব বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷ বিজেপিয়ে কৃষক আঁচনিৰ নামটো ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি সংবাদমেলত বৰাই কয় যে,বিজেপিৰ বহু নেতা-পালি নেতাই কৃষক আচঁনিত ধন লুটি খাইছে ৷ চৰকাৰে আঁচনিৰ গাইড লাইন অনুসৰি হিতাধিকাৰীৰ তালিকা প্ৰস্তুত নকৰাত উপযুক্ত কৃষকে আঁচনিৰ ধন লাভ নকৰিলে । কৃষক আঁচনিত প্ৰায় 1800 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে বুলি মন্তব্য কৰি ইয়াৰ চি বি আই তদন্তৰ দাবী জনায় ৰিপুণ বৰাই ৷

লগতে পঢ়কঃ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.