গুৱাহাটী, 8 এপ্ৰিল : কৰ'ণা ভাইৰাছ আৰু লক ডাউনৰ ফলত সম্প্ৰতি ৰাজ্যৰ জনগণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । এনে জটিল সন্ধিঃক্ষণত চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে । কিন্তু এই আঁচনি গেৰুৱাকৰণ কৰাৰ অভিযোগ কংগ্ৰেছৰ । কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ অভিযোগ অনুসৰি কোনো অবিজেপি লোকে চৰকাৰৰ পৰা পোৱা নাই পৰ্যাপ্ত সা-সুবিধা।
"গেৰুৱা বাহিনীয়ে নিজৰ মাজতে সীমাবদ্ধ ৰাখিছে সকলো আঁচনিৰ সুবিধা । এই সংকটৰ সময়টো বিজেপিয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে সকলো কাম কৰি আছে । তাৰোপৰি ৰাজ্যৰ বহু শ্ৰমিক এতিয়াও কোনো আঁচনিৰ আওতালৈ অহা নাই । যাৰ বাবে তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ উক্ত সমস্যা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এখন ১৫ টা দাবী সম্বলিত স্মাৰকপত্র মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে । অতিশীঘ্ৰে চৰকাৰক বিষয়টোক গুৰুত্ব সহকাৰে ল'বলৈ দাবী জনাই কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।