ETV Bharat / state

তৃণমূল কংগ্ৰেছে চাৰিখন আসন বিচাৰি দিছে প্ৰস্তাৱ : ৰিপুণ বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:35 PM IST

বিৰোধী সন্মিলিত মঞ্চৰ সকলোৱে ৰিপুণ বৰাক তেজপুৰ সমষ্টিৰ পৰা ‘ইণ্ডিয়া’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনাইছে । কিন্তু এইক্ষেত্ৰত ৰিপুণ বৰাই বৰ্তমানলৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ এই মন্তব্য খোদ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ ৷

Ripun Bora react INDIA seat shearing
আগন্তুক নিৰ্বাচন সন্দৰ্ভত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১২ ডিচেম্বৰ : কংগ্ৰেছৰ নেতৃত্বত অসমত ঐক্যবদ্ধ হোৱা ১৫ টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চই আসন বুজাবুজিক লৈ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হোৱা নাই । কিন্তু সিদ্ধান্তত উপনীত নহ’লেও বিৰোধী দলসমূহৰ মাজত আসনৰ প্ৰসংগ চৰ্চাত আছে । এই চৰ্চাৰ মাজতে তেজপুৰ লোকসভা সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে । মঙলবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰিপুণ বৰাই ।

তেওঁ কয় যে বিৰোধী সন্মিলিত মঞ্চৰ সকলোৱে তেওঁক তেজপুৰ সমষ্টিৰ পৰা ‘ইণ্ডিয়া’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনাইছে । কিন্তু এইক্ষেত্ৰত তেওঁ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে তেওঁ নিজে সাংসদ হোৱাৰ কথাটো কেতিয়াও ভবা নাই । কেনেকৈ স্বৈৰাচাৰী বিজেপিক উৎখাত কৰি দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিব তাক লৈহে তেওঁ বেছিকৈ আগ্ৰহী ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তৃণমূল কংগ্ৰেছে চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে আৰু এই সন্দৰ্ভত দলৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে কংগ্ৰেছ দলকো প্ৰস্তাৱ দিয়া হৈছে । অসম তৃণমূল কংগ্ৰেছে চাৰিটা সমষ্টি ক্ৰমে ধুবুৰী, কৰিমগঞ্জ, কোকৰাঝাৰ আৰু লখিমপুৰ বিচাৰিছে ।

বিৰোধী ঐক্য মঞ্চৰ আন দলসমূহেও আসন বিচৰা সন্দৰ্ভত তেওঁ কয় যে সকলোৱে বিচাৰিব পাৰে, তাত কোনো আপত্তি নাই । কিন্তু সৰ্বসন্মত ভাৱেহে সকলো দিশ চাই চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব । আনহাতে, কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই কৰিমগঞ্জৰ প্ৰসংগত কৰা বিৰোধীতা সন্দৰ্ভত তেওঁ কয় যে সকলো সিদ্ধান্ত কেৱল কমলাক্ষ্য দে’ পুৰকায়স্থই নহয় ।

দুই-এজনৰ কথাই সকলো নহ’ব বুলি সদৰী কৰি তেওঁ কয় যে এটা প্ৰক্ৰিয়াৰ মাজেৰে সিদ্ধান্ত হ'ব । 'কা'ৰ প্ৰসংগত তেওঁ কয় যে কা বিৰোধী আন্দোলন অব্যাহত থাকিব । নিৰ্বাচন আহিলেই বিজেপি চৰকাৰে ‘কা’ৰ কথা আনে । এই আইন আমি কেতিয়াও নামানো বুলি তেওঁ কয় ।

লগতে পঢ়ক : নিলম্বিত এ ডি চি সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেন্সৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.