ETV Bharat / state

Tora's Husband released: আজি মুক্তি লাভ কৰিলে ৰীমা দাসৰ নতুন অসমীয়া ছবি 'তৰা’ছ হাজবেণ্ড'

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:52 PM IST

ৰাজ্যৰ ৩৬টা ছবিগৃহত আজি মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি তৰা’ছ হাজবেণ্ড’ এ। বৃহস্পতিবাৰে অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। অসমৰ লগতে অষ্ট্ৰেলিয়াতো মুক্তি দিয়া হ’ব ছবিখন ।

Rima Das's new Assamese film Tora's Husband released in cinemas now
ৰাজ্যৰ ছবিগৃহত মুকলি হ’ল তৰা’ছ হাজবেণ্ড

ৰাজ্যৰ ছবিগৃহত মুকলি হ’ল তৰা’ছ হাজবেণ্ড

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । আজি মুক্তি লাভ কৰিলে পৰিচালক ৰীমা দাসৰ বহু প্ৰত্যাশিত অসমীয়া ছবি ‘তৰা’ছ হাজবেণ্ড’। ফ্লাইং ৰিভাৰ ফিল্মছৰ প্ৰডাকচনৰ সহযোগত নিৰ্মাণ কৰা হৈছে ‘তৰা’ছ হাজবেণ্ড’ নামৰ এই ছবিখন ৷ অৱশ্যে এই ছবিখন ৰাজ্যৰ লগতেই বহিঃ ৰাজ্যৰ ছবিগৃহতো মুক্তি দিয়া হ’ব ৷ অৱশ্যে অসমতহে আজি মুক্তি দিয়া হৈছে ছবিখন ৷ ৰাজ্যৰ মুঠ ৩৬ টা ছবিগৃহত আজি মুক্তি লাভ কৰিছে ছবিখনে।

বহিঃৰাজ্যত কেতিয়া মুক্তি দিয়া হ’ব এই ছবিখন ?

যিহেতু অসমৰ বহু মানুহ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকিবলগীয়া হয় ৷ যাৰ বাবে অসমীয়া ছবি ছবিগৃহত চোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৷ সেয়েহে, ৰীমা দাসে বহিঃৰাজ্যত থকা লোকসকলৰ বাবে ছবিখন চোৱাৰ ব্যৱস্থা কৰিছে ৷ মুম্বাই, হায়দৰাবাদ, দিল্লী, বাংগালুৰুৰ, চেন্নাইত অহা ২৮ ছেপ্টেম্বৰত মুক্তি দিয়া হ’ব ছবিখন । কেৱল বহিঃৰাজ্যতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ছবিখনৰ প্ৰদৰ্শনৰ বাবে বিশেষ আয়োজন কৰা হৈছে ৷ হয়, অষ্ট্ৰেলিয়াতো ছবিখনৰ বিশেষ দৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। ভাৰতৰ আন ৰাজ্যৰ লগতে অষ্ট্ৰেলিয়াত ২৮ ছেপ্টেম্বৰত মুক্তি দিয়া হ’ব এই ছবিখন ।

ইফালে শুকুৰবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত কৰা হয় । প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে বীনা বৰা, হিতেশ বৰুৱা, প্ৰজ্ঞা পাৰমিতা, গোপাল ঝাৰ সহিতে অসমীয়া সাংস্কৃতিক জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আন আন শুভাকাংক্ষীসকল ।

উল্লেখ্য যে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিৎ দাস আৰু তৰালী দাসে । লগতে ছবিখনত অভিনয় কৰিছে পূর্বাঞ্চলী দাস, সীমান্ত দাস, সুকুমাৰ মেধি, নিকুঞ্জ খাউণ্ডকে ধৰি কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে । ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ত সৃষ্টি হোৱা বিভীষিকা আৰু প্রত্যাহ্বানৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে "তৰা’ছ হাজবেণ্ড"। ছবিখনে ইতিমধ্যেই মুক্তিৰ পূর্বেই বহু কেইটা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক: Tora's Husband release date: মাত্ৰ দুদিন পিচত ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ তৰা’ছ হাজবেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.