গুৱাহাটী,৮ জুলাই : বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰি অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমত পাম তেলৰ খেতি কৰাৰ বাবে উঠিপৰি লাগিছে । জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি স্বৰূপ পাম খেতি কৰাৰ বাবে অসম চৰকাৰেও কোনো ধৰণৰ হকা-বধা কৰা নাই । বৰং এইক্ষেত্রত বিশেষভাৱে উদ্যোগহে গ্ৰহণ কৰিছে ।
শুকুৰবাৰে জনতা ভৱনত এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় কৃষিমন্ত্রী অতুল বৰা (Review meeting of Assam agriculture minister)। মন্ত্রীগৰাকীয়ে জনতা ভৱনত ৰাজ্যৰ পৰিষদসমূহৰ প্ৰধান সচিব, জিলাসমূহৰ উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠকত মিলিত হয় । বৈঠকত মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আৰু 'ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন-তৈল খেজুৰ' আঁচনিখনৰ সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰা হয় ।
উল্লেখ্য যে ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা বৃহৎ পৰিমাণৰ ভোজ্য তেল আমদানি কৰে । এই আমদানিৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 'ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- তৈল খেজুৰ' (NMEO-OP) আঁচনিখনৰ জৰিয়তে উৎপাদন এলেকা সম্প্ৰসাৰণ, তেলৰ উৎপাদন বৃদ্ধি কৰি দেশত ভোজ্য তেলৰ উপলব্ধতা বৃদ্ধিৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে । এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসমতো চলিত বৰ্ষত ২ লাখ হেক্টৰ ভূমিত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে গুৰুত্ব প্ৰদান কৰিছে । বৈঠকত এই আঁচনিৰ অধীনত ৰাজ্যৰ নিৰ্বাচিত জিলাক সামৰি গঠিত মণ্ডলসমূহত নাৰ্ছাৰী, বাগিচা আৰু তেল সংসাধন মিল স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি নিৰ্বাচন কৰিবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু বিষয়াসকলক মন্ত্রী বৰাই নিৰ্দেশ দিয়ে ।
অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ পাম তেলৰ খেতিক লৈ অসম চৰকাৰ বিশেষভাৱে তৎপৰ হৈ পৰিছে (Assam government particularly prompts palm oil cultivation)। ইফালে বৈঠকত মন্ত্রীগৰাকীয়ে বিষয়াসকলৰ পৰা 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰা পুঁজি আৰু সংশ্লিষ্ট প'ৰ্টেলত বৰ্তমানলৈকে আধাৰ ডাটা অন্তৰ্ভুক্তিৰ অগ্ৰগতিৰ স্থিতিৰ বুজ লয় । লগতে আঁচনিৰ হিতাধিকাৰীসকলৰ আধাৰ শুদ্ধতা আৰু ই-কে ৱাই চি সম্বন্ধীয় কামৰ অগ্ৰগতিৰ সন্দৰ্ভতো বুজ লয় ।
মন্ত্রীগৰকীয়ে যোগ্য হিতাধিকাৰীসকলে যাতে আগন্তুক সময়ত তেওঁলোকৰ কিস্তি লাভৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে তাৎক্ষণিকভাৱে PM-KISAN-ৰ নিৰ্দিষ্ট প'ৰ্টেলৰ সৈতে আধাৰ আৰু e-KYC সংযুক্তকৰণৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই ধ্বজাবাহী আঁচনিখনৰ সুবিধা যাতে প্ৰতিজন যোগ্য কৃষকে লাভ কৰে, তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে । সেয়েহে এইক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানেৰে ক্ষিপ্রতাৰে কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে । লগতে কোনো যোগ্য কৃষক যাতে আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবেও পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে ।
আনহতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত কৃষকলৈ বিভাগে পৰ্যাপ্ত শালি ধানৰ বীজ যোগান ধৰিছে । ইয়াৰ পিছতো যদি কোনো জিলাক অধিক শালি ধানৰ বীজৰ প্ৰয়োজন হয়, তেন্তে ততালিকে কৃষি সঞ্চালকক অৱগত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশীষ ভূটানী, আয়ুক্ত-সচিব ডাঃ ওম প্ৰকাশ, সঞ্চালক অনন্ত লাল জ্ঞানী আৰু বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।
উল্লেখ্য যে পাম খেতিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা সতর্কবাণীক অলপো গুৰুত্ব দিয়া নাই কেন্দ্ৰই (Palm oil cultivation in India)। ইতিমধ্যে পতঞ্জলি ফুড লিমিটেডে অসমৰ সাতখন জিলা ক্রমে তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, কামৰূপ আৰু গোৱালপাৰাত পাম খেতি কৰাৰ বাবে আগবাঢ়িছে । কোম্পানীটোৱে অসমত স্থাপন কৰিব পাম তেল প্ৰছেচিং উদ্যোগ । ইফালে কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ বাবে বিনিয়োগ কৰিব ৫৮৫০ কোটি টকা ।
লগতে পঢ়ক :ঈদ-উজ-জোহাৰ কোৰবানীৰ ক্ষেত্ৰত জৰুৰী নিৰ্দেশনা অসম চৰকাৰৰ