ETV Bharat / state

ৰাষ্ট্ৰপতিক আপ্যায়ণৰ দায়িত্ব পাঁচ মন্ত্ৰীক

author img

By

Published : Feb 24, 2022, 12:40 PM IST

ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ৰামনাথ কোবিন্দে শুকুৰবাৰে প্ৰথমটো ভ্ৰমণসূচী লৈ উত্তৰ-পূৰ্বাঞ্চলৰ তথা অসমলৈ আহিব । ৰাষ্ট্ৰপতিৰ আগমণক লৈ এতিয়া সজাই পৰাই তোলা হৈছে তেওঁ ভ্ৰমণ কৰিবলগীয়া সকলো অঞ্চল ৷ দেশৰ সাংবিধানিক মুৰব্বীগৰাকীৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ সকলো দিশ তদাৰক কৰা বা তেওঁক ৰাজকীয় শুশ্ৰূষা প্ৰদান কৰাৰ সকলো দিশ চোৱাচিতা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ পাঁচগৰাকীকৈ সদস্যক দিছে বিশেষ দায়িত্ব ।

president-kovind-to-visit-assam-from-february-25
ৰাষ্ট্ৰপতিক আপ্যায়ণৰ দায়িত্ব পাঁচ মন্ত্ৰীক

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ অসম পাবহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । ইতিমধ্যে দেশৰ সাংবিধানিক মুৰব্বীগৰাকীক আদৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ব্যাপক আয়োজন কৰা হৈছে । ন-কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া সকলো অঞ্চল । তেজপুৰ, গুৱাহাটী, কাজিৰঙা সকলোতে দিনে-নিশাই কাম চলিছে সৌন্দৰ্যবৰ্ধনৰ ।

ৰাষ্ট্ৰপতিগৰাকীয়ে যাতে প্ৰসন্নচিত্তে অসম ভ্ৰমণ সামৰি উভতি যাব পাৰে তাৰ বাবে চলিছে ৰাজ্য চৰকাৰৰ অহৰ্নিশে ব্যস্ততা । আনহাতে, ৰাষ্ট্ৰপতিগৰাকীৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ সকলো তদাৰক কৰা বা তেওঁক ৰাজকীয় শুশ্ৰূষা প্ৰদান কৰাৰ সকলো দিশ চোৱাচিতা (president kovind's hospitality responsibility ) কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ পাঁচগৰাকীকৈ সদস্যক দিছে বিশেষ দায়িত্ব ।

President Kovind to visit Assam
মন্ত্ৰী পীযুষ হাজৰিকা

এই পাঁচগৰাকী বিশেষ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হ'ল কেশৱ মহন্ত, অতুল বৰা, বিমল বৰা, পৰিমল শুক্লবৈদ্য আৰু পীযুষ হাজৰিকা । পাঁচগৰাকী মন্ত্ৰীক ভগাই দিয়া হৈছে তেওঁলোকৰ দায়িত্ব । সেই অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ত(Ramnath Kovind to visit Tezpur university) অনুষ্ঠিত হ’বলগীয়া সমাৱৰ্তন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীৰ যি কাৰ্যসূচী আছে সেয়া তদাৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে মন্ত্ৰী কেশৱ মহন্তক ।

President Kovind to visit Assam
মন্ত্ৰী বিমল বৰা
President Kovind to visit Assam
মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ইতিমধ্যে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰি প্ৰস্তুতিৰ বুজো লৈছে মন্ত্ৰীগৰাকীয়ে । তেনেদৰে, ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিদৰ্শন কৰিব(President Ram Nath Kovind to visit Kaziranga) । কাজিৰঙাৰ দায়িত্ব ন্যস্ত কৰা হৈছে তিনিগৰাকীকৈ মন্ত্ৰীক । তেওঁলোক হ'ল ক্ৰমে পৰিমল শুক্লবৈদ্য, অতুল বৰা আৰু কেশৱ মহন্ত । ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰৰ অংশৰ সকলো প্ৰস্তুতিৰ তদাৰকৰ দায়িত্বত আছে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত ।

President Kovind to visit Assam
মন্ত্ৰী অতুল বৰা
President Kovind to visit Assam
মন্ত্ৰী কেশৱ মহন্ত

আনহাতে, উদ্যানৰ ভিতৰৰ অংশত তেওঁৰ ভ্ৰমণ, চাফাৰী আদিৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক । একেদৰে, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতিগৰাকীৰ বিশেষ কাৰ্যসূচী, ৰাজধানী চহৰখনত তেওঁৰ কনভয় অহা যোৱা কৰা, তেওঁৰ বিশ্ৰামৰ ব্যৱস্থা কৰা, নৈশ যাপনৰ ব্যৱস্থা কৰা, কামাখ্যা দৰ্শন কৰা এই সকলোখিনি তদাৰকৰ দায়িত্বত থাকিব দুই মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰা । ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া অসম ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি কোবিন্দ উভতি যাব দিল্লীলৈ ।

লগতে পঢ়ক : Ramnath Kovind to visit Tezpur university: তেজপুৰলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.