ETV Bharat / state

Reshuffle of DCs : ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

author img

By

Published : Jul 12, 2022, 6:49 PM IST

কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি । কাছাৰৰ উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক । কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিকক পি এইচ ইৰ অতিৰিক্ত সচিব পদলৈ বদলি (Reshuffle of DCs in Assam)।

a
a

গুৱাহাটী, ১২ জুলাই : ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশযোগে প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি ঘটাইছে (Assam government today massive changes at administration) । বিশেষকৈ জিলা উপায়ুক্তৰ ৰদবদল কৰিছে । সেই অনুসৰি কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । বিপৰীতে কাছাৰৰ উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক ।

আনহাতে, গোৱালপাৰাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে খনীন্দ্ৰ চৌধুৰীক (Reshuffle of DCs in Assam) । বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে । আনহাতে, গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক পদলৈ বদলি কৰা হৈছে ।

কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিকক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে । ইফালে নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । একেদৰে চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।

আনহাতে, গোসাঁইগাঁৱৰ এডিচি এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে । সেইদৰে দক্ষিণ শালমাৰাৰ এডিচি লখিমী কুটুমক দক্ষিণ শালমৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ বিপৰীতে পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।

লগতে পঢ়ক :Cyber crime in Barpeta : বৰপেটাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰৰ উপহাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.