গুৱাহাটী, 1 জুন: শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ অনুসৰি 20 জুনৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷
পুৰণি দলংখনৰ মেৰামতিৰ কামৰ বাবে নিতৌ যি যানজঁটৰ সৃষ্টি হৈছিল তাৰ বাবে সাধাৰণ জনতাই বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ সেয়েহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি শীঘ্ৰে দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভাগীয় কৰ্তৃপক্ষই দলংখনৰ মেৰামতিৰ কামত অধিক কৰ্মী নিয়োজিত কৰি অহা 20 জুনৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ পণ লৈছে৷