ETV Bharat / state

Assam Rehabilitation Center: বাধ্যতামূলক হ'ব ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহৰ পঞ্জীয়ন; পীযুষ হাজৰীকাৰ ঘোষণা

author img

By

Published : Jul 26, 2023, 9:08 PM IST

জনতা ভৱনত জ্যেষ্ঠ নাগৰিক সন্মিলন, দিব্যাংগ ব্যক্তিৰ কেইবাটাও সংগঠন আৰু নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক ৷ নিচামুক্তি কেন্দ্ৰ সন্দৰ্ভত বৈঠকত বিশদ আলোচনা ৷ বিশেষভাৱে সক্ষমৰ ভুৱা প্ৰমাণ পত্ৰৰ হ’ব পুনৰীক্ষণ ৷

Etv Bharat
Etv Bharat

গুৱাহাটী, ২৬ জুলাই: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জনতা ভৱনত বিভাগীয় বিষয়াৰ উপস্থিতিত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, দিব্যাংগ ব্যক্তিৰ কেইবাটাও সংগঠন আৰু নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ নৱগঠিত সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে সুকীয়াকৈ তিনিখন পৰ্যালোচনা বৈঠকত মিলিত হয় |

  • Today, I held a meeting at my office in Janata Bhawan with a newly formed organisation of de-addiction and rehabilitation centre owners. We reviewed the efficient operation of these centres, which play a crucial role in rehabilitating addicts and reintegrating them into society.… pic.twitter.com/AfRsjFlmLU

    — Pijush Hazarika (@Pijush_hazarika) July 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথমখন সভাত মন্ত্ৰী হাজৰীকাই অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বাণেশ্বৰ খাউণ্ডৰ নেতৃত্বত অহা প্ৰতিনিধিবৰ্গৰ পৰা জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ বাবে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰে | জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰিব পৰা আন কেইবাটাও কাম আৰু বিষয় সন্দৰ্ভত তেওঁলোকে মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰাত মন্ত্ৰী হাজৰীকাই উপস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰধান সচিবক এই ক্ষেত্ৰত প্ৰয়োজনীয় কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে |

  • Today, I convened a meeting with the representatives of the Assam Senior Citizens' Association at my office in Janata Bhawan. We discussed pertinent issues concerning senior citizens and decided to convene a Advisory Committee meeting next month to address these matters. Our… pic.twitter.com/9c15M6qLmx

আনহাতে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে ইতিপূৰ্ৱেই সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি পৰামৰ্শদাতা সমিতি গঠন আৰু সভা অনুষ্ঠিত কৰাৰ বাবেও মন্ত্ৰী হাজৰীকাই বিভাগক নিৰ্দেশনা প্ৰদান কৰে | বুধবাৰৰ বৈঠকত জ্যেষ্ঠ নাগৰিকসকলৰ পেঞ্চন, স্বাস্থ্যসেৱা আদিৰ বিষয়তো আলোচনা কৰা হয় |

আনহাতে বিগত বৰ্ষৰ দৰে এই বৰ্ষও অহা ১ অক্টোবৰৰ আন্তঃৰাষ্ট্ৰীয় বয়সস্থ লোকৰ দিৱস সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত পালন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিনিধি বৰ্গক জানিবলৈ দিয়ে | আজিৰ আন এখন বৈঠকত মন্ত্ৰী হাজৰীকাই অসমৰ দিব্যাংগসকলৰ কেইবাটাও সংগঠনৰ নেতৃবৃন্দৰে তেওঁলোকৰ বিভিন্ন বিষয় আৰু সমস্যাৰ বিষয়ে আলোচনা কৰে |

বৈঠকতে শেহতীয়াকৈ বহুলোকৰ ‘বিশেষভাৱে সক্ষম’ৰ ভুৱা প্ৰমাণ পত্ৰ থকা বিষয়টোৰ ওপৰত আলোচনা কৰি বিভাগীয়ভাৱে এই প্ৰমাণ পত্ৰৰ পুনৰীক্ষণ কৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় | মন্ত্ৰী হাজৰীকাই এই বিষয়ত বিভাগীয় প্ৰধান সচিবক প্ৰয়োজনীয় কাম হাতত ল’বলৈ নিৰ্দেশ দিয়ে | পাচত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে নতুনকৈ গঠিত হোৱা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ সংস্থাৰ সৈতে আলোচনাত মিলিত হয় |

এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ পৰিচালনাৰ বিষয়ে বিষদভাৱে আলোচনা কৰে | আনহাতে চৰকাৰৰ স্বাস্থ্য আৰু গৃহ আদি কেইবাটাও বিভাগৰ সৈতে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে প্ৰস্তুত কৰি থকা নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ আনুষ্ঠানিক নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বিষয়ে বুজ লৈ মন্ত্ৰী হাজৰীকাই এই বিষয়ে প্ৰধান সচিবক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি শীঘ্ৰে এই নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে |

মন্ত্ৰীগৰাকীয়ে বৈঠকত কয় যে নিচামুক্তি কেন্দ্ৰসমূহ চলি থাকিবলৈ কেন্দ্ৰসমূহত অতি প্ৰয়োজনীয় সুবিধাসমূহ থাকিবই লাগিব | আনহাতে ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহক ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণ পৰিষদৰ অধীনত বাধ্যতামূলক পঞ্জীভুক্ত কৰাৰ বাবেও আজিৰ বৈঠকত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: Assam Accord: অসম চুক্তিৰ দ্বিমত নথকা বিষয়সমূহ সন্দৰ্ভত এমাহৰ ভিতৰত প্ৰস্তুত কৰা হ'ব প্ৰতিবেদন; মন্ত্রী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.