গুৱাহাটী, ১৬ জুলাই: বিগত চৰকাৰৰ আমোলত পৰিবহন বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । এই নিৰ্দেশৰ পাছতেই এতিয়া অসম ৰাজ্যিক পৰিবহন নিগমত হাহাকাৰ লাগিছে । উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহন নিগমত ২২৭৪ টা পদত নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছিল (Scam in Assam State Transport Corporation)।
পৰিবহন নিগমৰ তদানীন্তন পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ আমোলত হোৱা এই নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰে একাংশ ঠিকাভিত্তিক পদত নিয়ম বহির্ভূতভাৱে লিখিত পৰীক্ষা, সাক্ষাৎকাৰ অবিহনে নিযুক্তি দিয়া হৈছিল (Illegal Appointment in ASTC)। বিষয়টো দৃষ্টিগোচৰ হোৱাত খোদ মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবলৈ পৰিবহন বিভাগক নিৰ্দেশ দিছে ।
নতুন পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিষয়টো গুৰুত্বসহকাৰে লৈ দুমাহৰ ভিতৰত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ বিভাগীয় শীর্ষ আমোলাক নিৰ্দেশ দিছে । স্বজন-তোষন তথা অনিয়মেৰে পৰিবহন বিভাগত নিযুক্তি প্ৰাপ্তসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে । চৰকাৰী নিয়মৰ বাহিৰত নিযুক্তিপ্ৰাপ্তসকলক বৰ্খাস্ত কৰিবলৈও পৰিবহন মন্ত্ৰীয়ে নিৰ্দেশ দিছে । ইতিমধ্যে তদানীন্তন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে (Show cause notice to Anand Prakash Tiwari)।
এই সন্দৰ্ভত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই(Assam transport minister) কয় যে পৰিচালন সঞ্চালক কোন আছিল ডাঙৰ কথা নহয় । দায়িত্বশীল মানুহ যিয়েই আছিল, তেওঁলোকে নিয়মৰ মাজেদি নিযুক্তি দিব লাগিছিল । অনিয়মেৰে নিযুক্তিপ্ৰাপ্তসকলক চিনাক্ত কৰি বৰ্খাস্ত কৰা হ’ব বুলি কয় মন্ত্ৰী শুক্লবৈদ্যই । উল্লেখ্য যে বিগত চৰকাৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহন মন্ত্ৰী হিচাবে কার্যনিৰ্বাহ কৰাৰ সময়ত আনন্দ প্ৰকাশ তিৱাৰীয়ে অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
মন্ত্ৰী পাটোৱাৰীৰ(Minister Chandra Mohan Patowary) ঘনিষ্ঠ বুলি পৰিচিত আই পি এছ বিষয়া তিৱাৰীক অসম আৰক্ষীৰ পৰা আনি দক্ষতা বিকাশ আৰু পৰিবহন বিভাগত একাধিক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰা হৈছিল । দক্ষতা বিকাশৰ নামতো কেন্দ্ৰীয় পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তিৱাৰীৰ বিৰুদ্ধে উত্থাপন হৈছিল । বহু বিতৰ্কৰ মাজত সোমাই পৰা তিৱাৰীয়ে ইতিপূৰ্বে ডেপুটেশ্যনত অসম এৰি গৈছে । তদন্তৰ জৰিয়তে অনিয়মৰ মাজেদি নিযুক্তিপ্ৰাপ্তসকলক বৰ্খাস্তৰ নিৰ্দেশ দিয়া হৈছে ঠিকেই, কিন্তু এই নিযুক্তিৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ।
উল্লেখ্য যে নিগমত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ২,২৭৪ জন কৰ্মচাৰীক ৬০ দিনৰ ভিতৰত চাকৰি ত্যাগ কৰিবলৈ দিয়া নিৰ্দেশনাই নিগমৰ অভ্যন্তৰত কাৰ্যতঃ ধুমুহাৰ সৃষ্টি কৰিছে । সম্প্ৰতি অসম ৰাজ্যিক পৰিবহন বিভাগৰ অধীনস্থ তিনিচুকীয়া, নগাঁও, শিলচৰ, যোৰহাট, শিৱসাগৰ, বঙাইগাঁও, লখিমপুৰ, তেজপুৰ, বৃহত্তৰ গুৱাহাটী ক্ষেত্ৰ মহানগৰ সংমণ্ডল আৰু আই এছ বি টি গুৱাহাটী সংমণ্ডলত বিভিন্ন পদত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ২,২৭৪ জন কৰ্মচাৰীয়ে চাকৰি কৰি আহিছে ।
বিগত ৩ বছৰে ২,২৭৪ জন কৰ্মচাৰীয়ে ৰাজকোষৰ ধন লাভ কৰি আহিছে । ৰাজ্যিক পৰিবহন বিভাগৰ ২২৭৪ জনীয়া অবৈধ নিযুক্তি প্ৰক্ৰিয়াত তদানীন্তন অসম ৰাজ্যিক পৰিবহন নিগমৰ বোর্ড অব ডিৰেক্টৰছৰ সদস্যসকলেও চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছিল ৷ লক্ষ্যণীয় বিষয় যে ৰাজ্যিক পৰিবহন নিগমৰ বোর্ড অব ডিৰেক্টৰছৰ অনুমতি অবিহতে নিগমৰ ভিতৰচ’ৰাত একো সিদ্ধান্ত নহয় । কিন্তু আনন্দ প্ৰকাশ তিৱাৰী নিগমৰ পৰিচালন সঞ্চালক হৈ থকা অৱস্থাত নিগমৰ বোর্ড অব ডিৰেক্টৰছত অশোক ভট্টৰায় অধ্যক্ষ আৰু আনন্দ প্ৰকাশ তিৱাৰী সদস্য সচিব আছিল ।
আনহাতে নিগমৰ বোর্ড অব ডিৰেক্টৰছৰ সদস্যসকল আছিল ক্ৰমে আদিল খান (কমিচনাৰ, পৰিবহন বিভাগ), যাদৱ শইকীয়া (সচিব, পৰিবহন বিভাগ), পবন টেৰাং (গড়কাপ্তানি পথ), সুব্ৰতা সৰকাৰ (উত্তৰ পূৱ সীমান্ত ৰে'লৱে), পল্লৱ বৰদলৈ (উত্তৰ-পূৱ সীমান্ত ৰে'লৱে) আৰু দ্বীজেন লহকৰ (সাধাৰণ সম্পাদক, পৰিবহন নিগম ৰাজ্যিক কৰ্মচাৰী সন্থা) । পৰিবহন নিগমৰ বোর্ড অব ডিৰেক্টৰছে নিগমটোত অবৈধভাৱে নিযুক্তি দিয়া ২,২৭৪ জন কৰ্মচাৰীৰ বিষয়টোত মৌনতা অৱলম্বন কৰা কাৰ্যই প্ৰতীয়মান কৰে যে পৰিচালন সঞ্চালক তিৱাৰীৰ উপৰিও এই অবৈধ নিযুক্তি কাৰ্যত আন শীৰ্ষস্তৰ জড়িত আছে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ২৭ জুনত পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাস সহিতে আন আন বিষয়াসকলৰ সৈতে হোৱা বিভাগীয় পর্যৱেক্ষণ বৈঠকত মিলিত হৈছিল । উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে পৰিবহন নিগমত সাক্ষাৎকাৰ তথা পৰীক্ষা অবিহনে অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ২,২৭৪ জন কৰ্মচাৰীক ৬০ দিনৰ ভিতৰত বিভাগৰ পৰা বিদায় দিবলৈও নিৰ্দেশ দিছিল । তাৰেই আধাৰত পৰিবহন মন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰে ।
লগতে পঢ়ক: CM Himanta Biswa Sarma on ULFA (I): আলফা অসমৰহে সমস্যা, ভাৰত অথবা উত্তৰ-পূবৰ সমস্যা নহয়