ETV Bharat / state

Assam Paddy Procurement : ৰাজ্যত ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰীৰ অভিলেখ

ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ২১৫ টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে বিগত বৰ্ষত কৃষকে বিক্ৰী কৰিছে ৫.৬৫ লাখ মেট্ৰি টন ধান । যোগান বিভাগে বিগত বৰ্ষসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি ২০২১-২২ বৰ্ষত ধান ক্ৰয়েৰে ইতিহাস ৰচনা কৰে । ৰাজ্যৰ ৪০ হাজাৰ কৃষকে পালে ১,০৯৭.৩৪ কোটি টকা । চলিত বৰ্ষত ধান ক্ৰয়ৰ বাবে যোগান বিভাগে লক্ষ্য বান্ধি লৈছে ১০,২০,৯০০ মেট্ৰিক টন (Assam Paddy Procurement)।

Assam Paddy Procurement
ৰাজ্যত ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰীৰ অভিলেখ
author img

By

Published : Jan 15, 2023, 9:12 PM IST

গুৱাহাটী, ১৫ জানুৱাৰী : দালালৰাজ তথা মধ্যভোগীৰ দৌৰাত্ম্য নোহোৱা কৰি কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ধানক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজ্যত ন্যূনতম সমৰ্থিত মূল্যত (এম এছ পি) ধানবিক্ৰীয়ে অভিলেখ গঢ়িছে (Assam Paddy Procurement)৷

পূৰ্বে অস্তিত্বহীন বিক্ৰীকেন্দ্ৰ(Paddy Procurement centre Assam) তথা যোগান বিভাগে কৃষকক ধান ক্ৰয়ৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব নোৱাৰাৰ ফলত ন্যূনতম সমৰ্থিত মূল্য (এম এছ পি)ৰ পৰা বঞ্চিত হৈছিল কৃষক ৷ আনকি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এম এছ পিৰ বিপৰীতে মধ্যভোগীয়ে কৃষকৰ পৰা ধান ক্ৰয় কৰি বজাৰত অধিক মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল ৷ এনে এক বিসংগতি তথা মধ্যভোগীৰ আগমনে প্ৰকৃত মূল্যৰ পৰা কৃষকক বঞ্চিত কৰি ৰখাৰ পাছত শেহতীয়াকৈ এম এছ পি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ব্যৱস্থাই কৃষক ৰাইজক লাভৱান কৰি তুলিছে ৷

উল্লেখ্য যে বর্তমান ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধানৰ বিপৰীতে এম এছ পি নিৰ্ধাৰণ কৰিছে ২,০৪০ টকা ৷ বজাৰ মূল্যতকৈ অধিক দৰত ধান বিক্ৰীৰ সুযোগ লাভ কৰিয়েই বিগত বৰ্ষত যোগান বিভাগক ধান বিক্ৰী কৰি লাভৱান হৈছে ৪০,০৪৩ জন কৃষক ৷ আনহাতে ধান বিক্ৰীৰ জৰিয়তে এইসংখ্যক কৃষকে লাভ কৰিছে ১,০৯৭,৩৩,৯৬,৬০০ কোটি টকা ৷

যোগান বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ২১৫ টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে বিগত বৰ্ষত কৃষকে বিক্ৰী কৰিছে ৫.৬৫ লাখ মেট্ৰিক টন ধান । যোগান বিভাগে বিগত বৰ্ষসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি ২০২১-২২ বৰ্ষত ধান ক্ৰয়েৰে ইতিহাস ৰচনা কৰিছিল৷ ইয়াৰ ফলত লাভৱান হৈছিল ৰাজ্যৰ কৃষকসকল । চলিত বৰ্ষত ধান ক্ৰয়ৰ বাবে যোগান বিভাগে লক্ষ্য বান্ধি লৈছে ১০,২০,৯০০ মেট্ৰিক টন (Paddy sales at minimum support price Assam)।

যোগান বিভাগৰ তথ্য অনুসৰি ২০২২-২৩ বৰ্ষত এতিয়ালৈ ধান বিক্ৰীৰ জৰিয়তে কৃষকে ৭০,৭৩,২৮,৫৮৮ টকা এম এছ পিৰ জৰিয়তে লাভ কৰিছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষত ৰাজ্যৰ ৮৫ শতাংশ ধান খেতি কৰা কৃষকক ধান ক্ৰয়ৰ এই প্ৰক্ৰিয়াত সাঙুৰি লোৱা হৈছে । অৰ্থাৎ ৰাজ্যখনৰ ২৭.৫০ লাখ কৃষকৰ অধিকাংশ কৃষকেই বিগত বৰ্ষত ধান বিক্ৰীৰ জৰিয়তে সৰ্বাধিক লাভৰ সন্মুখীন হৈছে (Assam Paddy Procurement records) ।

অৱশ্যে ধান বিক্ৰীৰ ক্ষেত্ৰত এতিয়াও হাৰিয়ানাৰ তুলনাত অসম যথেষ্ট পিছপৰি আছে । অৱশ্যে হাৰিয়ানাতকৈ অসমে যথেষ্ট কম চাউল উৎপাদন কৰে । ইফালে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভাত যোগানমন্ত্ৰী ৰণজিৎ দাসে দাখিল কৰা এক তথ্য অনুসৰি ২১৫ টা ধান ক্ৰয় কেন্দ্ৰৰ লগতে ৰাজ্যখনত ৪৬৮ টা ধান বনা মিলক এই প্ৰক্ৰিয়াত জড়িত কৰা হৈছে ।

তদুপৰি ৰাজসাহায্য প্ৰদানেৰে ২৭০ টা ধান বনা মিল ৰাজ্যখনত নিৰ্মাণৰ লক্ষ্য লোৱা হৈছিল আৰু এতিয়ালৈকে ১৭৫ টা মিলৰ নিৰ্মাণকার্য সম্পূৰ্ণ হৈছে । একেদৰে ১১০ টা গুদাম নিৰ্মাণৰ যি লক্ষ্য স্থিৰ কৰা আছিল, ইয়াৰে ৩৬ টা গুদাম নির্মাণ সম্পূর্ণ হৈছে আৰু বাকীসমূহ চলিত বৰ্ষত সম্পূৰ্ণ কৰা হ’ব ।

কৃষকৰ পৰা অধিক পৰিমাণৰ ধান ক্ৰয়ৰ এই প্ৰক্ৰিয়াত অধিক সক্ৰিয় তথা গতিশীল কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৃষি আৰু ৰাজহ বিভাগৰ বিষয়াসকলকো জড়িত হ’বলৈ নিৰ্দেশ দিছে । সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে এফ চি আই, এ এফ চি এছ চি এল, নাফেড, এন চি অ’ এফ, এন চি চি এফ আৰু এ এছ এ এম বিকে ধৰি সংস্থাসমূহৰ দ্বাৰা ৰাজ্যখনত ধান ক্ৰয়ৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল ।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে ধান ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিখন জিলাত গ্ৰহণ কৰা হৈছে বিশেষ সজাগতা অভিযান । যোগান বিভাগৰ তথ্য অনুসৰি এই সজাগতা অভিযানৰ ফলতে এইবাৰ নিৰ্ধাৰিত লক্ষ্য ১০ লাখ মেট্ৰিক টনৰ অধিক ধান ক্ৰয় কৰা সম্ভৱ হ'ব । বিভাগীয় তথ্য অনুসৰি অচিৰেই ক্ৰয় কৰা ধান এফ চি আইৰ জৰিয়তে সুলভ মূল্যত খাদ্য সুৰক্ষা আঁচনিৰ দ্বাৰা ৰাজ্যখনৰ দুখীয়া লোকসকলক প্ৰদান কৰাৰো আন এক পদক্ষেপৰ চিন্তা-চৰ্চা চলিছে । এনে অৱস্থাত অসমৰ চাউলেৰেই ৰাজ্যখনৰ চাহিদা পূৰণ কৰিব পৰা যাব ।

লগতে পঢ়ক: GST Notice to Unemployed Youth : নিবনুৱা যুৱকলৈ ৯০ কোটিৰ GST আদায় দিয়াৰ জাননী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.