গুৱাহাটী,25 অক্টোবৰ: এইবাৰ ৰাজ্যত আৰম্ভ হৈছে আৰু এক নতুন চৰ্চা, নতুন বিতৰ্কৰ ৷ অসমৰ চৰ-চাপৰিত বসবাস কৰা লোকসকলৰ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰিব পৰাকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা সংগ্ৰহালয় স্থাপন কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছিল বহুবল্কী কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে । এখোজ আগলৈ গৈ বিধায়কজনে এই দাবীও তুলিছে যে, চৰ-চাপৰিত বসবাস কৰা লোকসকলক যিহেতু মিঞা বুলি সাধাৰণতে জনা যায়, গতিকে এই প্ৰস্তাৱিত সংগ্ৰহালয়টোৰ নাম মিঞা মিউজিয়াম ৰখা উচিত ৷
![Reaction of HBS in miya meseums matter guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9307377_img.jpg)
ইতিমধ্যে এই দাবী উত্থাপন কৰি বিধায়ক গৰাকীয়ে ৰাজ্য চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকক বিগত 18 অক্টোবৰত এখন পত্ৰ প্ৰদান কৰে ৷ পত্ৰখনত উল্লেখ কৰা হৈছে যে, ইতিমধ্যে অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী সমিতি (DRSC on Education) ৰ বৈঠকত এই প্ৰস্তাৱ ৰখা হৈছিল আৰু সমিতিয়ে এই প্ৰস্তাৱত অনুমোদনো জনাইছিল । বিধায়কজনৰ এনে পত্ৰই এতিয়া সৃষ্টি কৰিছে নতুন বিতৰ্কৰ ।
![Reaction of HBS in miya meseums matter guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9307377_aa.jpg)
এইক্ষেত্ৰত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটযোগে স্পষ্ট কৰি দিছে যে এই প্ৰস্তাৱ মানি লোৱা নহ’ব । যিহেতু চৰ-চাপৰিত বাস কৰা অধিকাংশ লোকেই বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী । গতিকে কোনো কাৰণতে এনে সংগ্ৰহালয় স্থাপনৰ অনুমতি দিয়া নহ’ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়-ছ’ৰী এমএলএ চাহাব ৷
-
In my understanding, there is no separate identity-and culture in Char Anchal of Assam as most of the people had migrated from Bangladesh. Obviously, in Srimanta Sankardeva Kalakhetra, which is the epitome of Assamese culture, we will not allow any distortion. Sorry MLA Sahab pic.twitter.com/6a2urvTRg4
— Himanta Biswa Sarma (@himantabiswa) October 24, 2020 " class="align-text-top noRightClick twitterSection" data="
">In my understanding, there is no separate identity-and culture in Char Anchal of Assam as most of the people had migrated from Bangladesh. Obviously, in Srimanta Sankardeva Kalakhetra, which is the epitome of Assamese culture, we will not allow any distortion. Sorry MLA Sahab pic.twitter.com/6a2urvTRg4
— Himanta Biswa Sarma (@himantabiswa) October 24, 2020In my understanding, there is no separate identity-and culture in Char Anchal of Assam as most of the people had migrated from Bangladesh. Obviously, in Srimanta Sankardeva Kalakhetra, which is the epitome of Assamese culture, we will not allow any distortion. Sorry MLA Sahab pic.twitter.com/6a2urvTRg4
— Himanta Biswa Sarma (@himantabiswa) October 24, 2020
লগতে চাওকঃ বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন