ETV Bharat / state

Bajrang Dal Arms trainning: মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত বজৰং দলৰ দ্বাৰা অনুষ্ঠিত মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ দাবী ৷

Bajrang Dal Arms trainning
ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 1, 2023, 2:19 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,1 আগষ্ট: বজৰং দলৰ নেতৃত্বত মঙলদৈত মুকলিকৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । ইফালে বজৰং দলৰ এই কাৰ্যৰ একপ্ৰকাৰ সমৰ্থন কৰি ইয়াৰ সপক্ষে যুক্তি দাঙি ধৰিছে অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্রীয়ে ।

মন্ত্রী জয়ন্তমল্ল বৰুৱাই মন্দিৰ তথা ব্যক্তি সুৰক্ষাৰ বাবে এনে প্ৰশিক্ষণৰ প্ৰতি সংবাদ মাধ্যমৰ আগত যুক্তিযুক্ততা দাঙি ধৰিছে । মন্ত্রীগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ নাম উল্লেখ নকৰাকৈ মঙলবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, ‘‘সংকটমোচন বজৰংবলীক সকলোৱে সদায়ে আৰাধ্য দেৱতা হিচাপে পূজা কৰি আহিছে । কিন্তু দেখা গৈছে যে বজৰংবলীৰ নাম লৈ ৰাজনৈতিক দলৰ শাখা সংগঠন এটাই সশস্ত্ৰ প্ৰশিক্ষণৰ কাম আৰম্ভ কৰিছে । এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।’’

কিন্তু অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্রীয়ে অস্ত্র প্ৰশিক্ষণ মন্দিৰ আৰু নিজৰ সুৰক্ষাৰ বাবে প্ৰয়োজন আছে বুলি মতামত আগবঢ়াইছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । সোমবাৰে বিহপুৰীয়াৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত সুৰক্ষাৰ বাবে বন্দুকৰ প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন আছে বুলি যুক্তি আগবঢ়াইছিল অসম চৰকাৰৰ মন্ত্রীগৰাকীয়ে ।

বৰাই লগতে কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত সন্ত্রাসবাদ 74 শতাংশ কমিছে বুলি তথ্য দাঙি ধৰিছিল । অৰ্থাৎ মুখ্যমন্ত্রীৰ তথ্য মতে এতিয়াও 26 শতাংশ সন্ত্রাসবাদ আছে । আৰক্ষীৰ প্ৰতি সকলোৰে আস্থা-বিশ্বাস আছে যদিও মন্ত্রীগৰাকীৰ কথা মতে মন্দিৰসমূহৰ লগতে ব্যক্তি সুৰক্ষাৰ ক্ষেত্রত চৰকাৰ তথা চৰকাৰী ব্যৱস্থাপনা পৰ্যাপ্ত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । নিজৰ সুৰক্ষাৰ ব্যৱস্থা নিজেই কৰিব লাগিব নেকি বুলিও বৰাই প্ৰশ্ন উত্থাপন কৰে ।

এনে চিন্তা-চৰ্চাৰে চৰকাৰ এখন পৰিচালিত হ’লে আন দল-সংগঠনে ইয়াক অনুসৰণ কৰিলে অসম পুলিছৰ প্ৰতি ভাবুকি হ'ব নে নহয় বুলিও বৰাই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে । বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্পষ্টীকৰণ দাবী কৰে বৰাই । মন্দিৰ তথা ব্যক্তি সুৰক্ষাৰ বাবে নিজাববীয়া ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে নে নাই সেইক্ষেত্রত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্রীয়ৰ পৰা স্পষ্টীকৰণ দাবী কৰে ।

লগতে পঢ়ক : Bajrang dal arms training: স্বজাতি স্বধৰ্মৰ আবেগ ঢালি বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণক আওপকীয়া সমৰ্থন মন্ত্ৰী জয়ন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.