গুৱাহাটী, 24 নৱেম্বৰঃ মুক্তিৰ দ্বিতীয় দিনাও দশৰ্কৰ বিপুল সমাদৰ লাভ কৰিছে বহু চৰ্চিত অসমীয়া ছবি আমিষে ৷ অসমীয়া ছবি জগতৰ বহুকেইগৰাকী কলা-কুশলীয়েও গুৱাহাটীৰ অনুৰাধা ছবিগৃহত উপভোগ কৰে আমিষ ৷ বিশিষ্ট অভিনেতা যতীন বৰা, নৱনীতা শৰ্মা তথা কেনী বসুমতাৰীয়ে ছবিখন উপভোগ কৰে ৷ ছবিখনক লৈ খুবেই আশাবাদী বুলি উল্লেখ কৰি সকলোকে ছবিখন চাবলৈ আহ্বান জনালে যতীন বৰাই ৷
আনহাতে কেনী বসুমতাৰীয়ে ছবিখনে প্ৰায় এবছৰ পূৰ্বেই উপভোগ কৰা বুলি উল্লেখ কৰে ৷ আনহাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যেই সমাদৰ লাভ কৰা ছবিখনে এতিয়া অসমৰ দৰ্শকসকলক আকৃষ্ট কৰিব আৰু ব্যৱসায়িক দিশত সফল হ’ব নে নহয় সেয়া অনাগত দিনতহে লক্ষণীয় হ’ব ৷
আৰু পঢ়কঃ উৰণীয়া সেঁতুৰ পৰা উৰি পৰিল চলন্ত বাহন