গুৱাহাটী,23 জুন: এইবেলি অনুষ্ঠিত নহ’ল মহানগৰীৰ মালিগাঁৱৰ ঐতিহ্যমণ্ডিত ৰথ যাত্ৰাৰ কাৰ্যসূচী । গুৱাহাটী মহানগৰীত ক্ৰমবৰ্ধমান কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে বাতিল কৰা হৈছে ৭০ বৰ্ষীয় ৰথ যাত্ৰাৰ সকলো ৰাজহুৱা কাৰ্যসূচী । দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰে উখল-মাখল হৈ থকা পৰিৱেশ আজি পৰিলক্ষিত নহ’ল মালিগাঁৱৰ ৰেষ্টকেম্প কালীবাৰীত ।
ইয়াৰ বিপৰীতে মন্দিৰ প্ৰাংগনত মাত্ৰ এগৰাকী পুৰোহিত আৰু সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত অনুষ্টুপীয়াকৈ সম্পন্ন কৰা হৈছে ধৰ্মীয় ৰীতি-নীতি । কিন্তু ভক্তৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে মন্দিৰ চৌহদ । উল্লেখ্য যে, 1950 চনৰ পৰা পৰম্পৰাগতভাৱে মালিগাঁৱবাসীয়ে আয়োজন কৰি আহিছিল ৰথ যাত্ৰাৰ । কিন্তু কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এনেদৰে এইবেলি উকা হৈ পৰে মালিগাঁৱৰ ৰথ যাত্ৰাস্থলী ।