ETV Bharat / state

Gunotsav 2023 in Guwahati: গুণোৎসৱ উপলক্ষে মহানগৰ জিলাৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

মহানগৰৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ শিক্ষা বিভাগৰ চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰীয়ে মহানগৰৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লয় (Gunotsav 2023)।

author img

By

Published : Feb 3, 2023, 1:36 PM IST

Ranoj Pegu visited various schools in Guwahati on the occasion of Gunotsav
মহানগৰৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: গুণোৎসৱ উপলক্ষে মহানগৰ জিলাৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Education minister Ranoj Pegu) ৷ শিক্ষা বিভাগৰ চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে (Gunotsav 2023)।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই মহানগৰ জিলাৰ অন্তৰ্গত ক্ৰমে নৱযুগ প্ৰাথমিক বিদ্যালয়, আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, চম্পাৱতী হাইস্কুল আৰু বাথৌপুৰী বড়ো হাইস্কুল পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে বিদ্যালয়সমূহৰ শৈক্ষিক, আন্তঃগাঁথনি, পৰিস্কাৰ পৰিচ্ছন্নতাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকে গ্ৰহণ কৰি থকা শিক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লয় (Assam Gunotsav 2023) ।

এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰধানকৈ বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ৰ ওপৰত তেওঁলোকে জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰ সম্পৰ্কে এক বুজ লয় । তেওঁ যি সকল ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়সমূহত কিছু অসুবিধাৰ সন্মুখীন হৈছে তেখেত সকলক লৈ শিক্ষকসকলক অতিৰিক্ত পাঠদান কৰাবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিসমূহৰ লগতো বৰ্তালাপ কৰে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে বিদ্যালয়খনৰ উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ নজৰ দিয়াৰ দায়িত্ব আছে । তেওঁ অভিভাৱকসকলৰ পৰা বিদ্যালয়সমূহত নিয়মীয়াকৈ অভিভাৱক আৰু শিক্ষকসকলৰ মাজত বৈঠক হয় নে নহয় সেই সম্পৰ্কেও বুজ লয় ।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়,"বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি মোৰ উপলব্ধি হয় যে ইংৰাজী আৰু অংক শিক্ষাত আমি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব । অক্ষয় পাত্ৰৰ জৰিয়তে বিদ্যালয়সমূহত যোগান ধৰা মধ্যাহ্ন ভোজনত সকলো সন্তুষ্ট । ৰান্ধনী তথা সহায়িকাসকলে মাননী পাই আছে আৰু খাদ্য বিতৰণৰ কাম তেওঁলোকে সুন্দৰভাৱে কৰে । ৰাজ্যৰ আন বিদ্যালয়সমূহতো গুণোৎসৱ সফলতাৰে ৰূপায়ণ হোৱাৰ কামনা কৰিছোঁ ।"

তেওঁ লগতে কয়,"ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান আৰু শৈক্ষিক ফলাফল বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ বিদ্যালয়সমূহত গুণোৎসৱ পালন কৰি আহিছে । মন্ত্ৰীগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰীও উপস্থিত থাকে ।

লগতে পঢ়ক: Gunotsav 2023: টিকনি বৰুৱা আনিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.