গুৱাহাটী,18 জানুৱাৰীঃ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় অসম ৰাজ্যিক বিজেপিৰ এখন সভা ৷ উক্ত সভাত পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিৰ্বাচিত হয় সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস ৷ দাসক নিৰ্বাচন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বহুকেইজন নেতা-পালিনেতা তথা বিধায়ক ৷
![গুৱাহাটী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-801-18jan-bjpstateparishadmeeting-vis-pic-as10003_18012020105505_1801f_00027_196.jpg)
সভাত মুখ্যমন্ত্ৰী সোণোৱালে অসমত বিজেপিয়ে যি শক্তিশালী ভেটি গঢ়ি তুলিছে,সেয়া একমাত্ৰ ৰঞ্জিত দাসৰ নেতৃত্বৰ বাবে সম্ভৱ হোৱা বুলি উল্লেখ কৰে ৷ মূখ্যতঃ সভাখনৰ জৰিয়তেই ৰঞ্জিত দাসৰ নেতৃত্বত বিজেপি দলে ২০২১ চনৰ নিৰ্বাচনলৈ টঙালি বান্ধে ৷
লগতে চাওকঃকেইবাটাও দাবীৰে বাক্সাৰ মুছলপুৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ