ETV Bharat / state

মহানগৰীৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰঞ্জিত দাসৰ সংবাদমেল - বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

বৃহস্পতিবাৰে গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ সংবাদমেলত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াও ৷

ৰঞ্জিত দাসৰ সংবাদমেল
ৰঞ্জিত দাসৰ সংবাদমেল
author img

By

Published : Jan 2, 2020, 8:21 PM IST

Updated : Jan 2, 2020, 10:18 PM IST

গুৱাহাটী, 2 জানুৱাৰীঃ বৃহস্পতিবাৰে গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ তেওঁ কয়, আজি এক ধূসৰিত পৰিৱেশত অসমৰ ৰাইজে বসবাস কৰিবলগীয়া হৈছে ৷ যিটো কেৱল অসমবাসীৰ নজনাৰ কাৰণ আৰু একাংশ লোকৰ বিভিন্ন বিভ্ৰান্তিমূলক কথাৰ বাবে ৷ ইয়াৰ লগতে তেওঁ কয়, সৰ্বানন্দ সোণোৱাল চৰকাৰ থকালৈকে এজনো বিদেশী অসমত থাকিব নোৱাৰে ৷

আজি এক ধূসৰিত পৰিৱেশত অসমৰ ৰাইজে বসবাস কৰিব লগীয়া হৈছে- ৰঞ্জিত দাস

কংগ্ৰেছ দলে জাপি দিয়া বোজা আজি অসমে সহিবলগীয়া হৈছে ৷ কিন্তু সেই কংগ্ৰেছ দলে আৰু কমিউনিষ্টসকলে আজি চল চাই কঠীয়া পৰাৰ দৰে সেই সময়ৰ গণ শত্ৰুৱে বৰ্তমান গণ মিত্ৰৰ ভূমিকা ল'বলৈ প্ৰচেষ্টা চলাইছে বুলিও উল্লেখ কৰে বিজেপিৰ সভাপতি গৰাকীয়ে ৷

কংগ্ৰেছ দলে জাপি দিয়া বোজা আজি সহিব লগীয়া হৈছে- ৰঞ্জিত দাস

ভাৰতবৰ্ষত দশকে দশকে বসবাস কৰি থকা শৰণাৰ্থীসকলৰ বাবে বিহীত ব্যৱস্থা লোৱাটো বিজেপিৰ পূৰ্ব প্ৰতিশ্ৰুতি আছিল ৷ বিজেপিয়ে আগন্তুক দিনত অসমীয়া ভাষা ৰক্ষাৰ বাবে কৰণীয়খিনি সম্পূৰ্ণ কৰিব লাগিব ৷ বিজেপিৰ বিশ্বাস যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষাক যুগ-যুগান্তৰৰ বাবে অসমৰ ৰাজ্য ভাষা হৈ থকাৰ বাবে ব্যৱস্থা ল'ব ৷

ভাৰতবৰ্ষত থকা শৰণাৰ্থী সকলৰ বাবে বিহীত ব্যৱস্থা লোৱাটো বিজেপিৰ পূৰ্ব প্ৰতিশ্ৰুতি- ৰঞ্জিত দাস
অসমীয়া ভাষা ৰক্ষাৰ বাবে কৰণীয়খিনি সম্পূৰ্ণ কৰিব- ৰঞ্জিত দাস

ৰঞ্জিত দাসে লগতে কয় যে, চাবুৱা কাণ্ডত কংগ্ৰেছী সদস্য, মাওবাদী আৰু কৃষক মুক্তি মৰ্চাৰ লোক জড়িত আছে ৷

চাবুৱা কাণ্ডত কংগ্ৰেছী সদস্য, মাওবাদী আৰু কৃষক মুক্তি মৰ্চাৰ লোক জড়িত আছিল- ৰঞ্জিত দাস

সংবাদমেলত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াও ৷ তেওঁ কয় যে, তেওঁলোকে যেনেদৰে ৰাইজক সচেতন কৰিব লাগিছিল তেনেদৰে হয়তো নকৰিলে ৷ সেয়ে অপপ্ৰচাৰে মূল কথাখিনি ঢাকি ৰাখিলে ৷

সংবাদমেলত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াইয়ো প্ৰকাশ কৰে নিজ মন্তব্য

Intro:মহানগৰীৰ গৰকাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰঞ্জিত দাসৰ সংবাদমেল ---
• শাপ্ৰতিক সময়ৰ সন্ধৰ্বত মন্তব্য ৰঞ্জিত দাসৰ । লাখ লাখ বিদেশী আহিব বুলি বহু অপশক্তিয়ে অপপ্ৰচাৰ চলাইছি অসমীয়া মানুহক আবেগিক কৰি তুলিছিল । কিন্তু ৰঞ্জিত দাসৰ আশ্বাস এজনো বিদেশী নাহে অসমলৈ ।
• অসমক বাদ দি CAA প্ৰযোজ্য কৰিব লাগে বুলি অসমৰ এটাও দল সংগঠনে এখনো আবেদন কৰা নাছিলে চৰকাৰক ।
• অহা ৪ চাৰি জানুৱাৰীত বিজেপিৰ গোট সমিতি , মণ্ডল সমিতি লগতে সমগ্ৰ অসমৰ বিজেপি কৰ্মকৰ্তা সৈতে খানাপাৰাত অনুষ্ঠিত হব সভা ।
• বিজেপি চৰকাৰে ভূমি অইন আনি খিলঞ্জীয়াক সুৰক্ষিত কৰিছে ।
• ভূমি নীতিৰ জৰিয়তে ১ ইঞ্চি মাটিও প্ৰবজন কাৰীক নিদিওঁ - ৰঞ্জিত দাস ।
• চাবোৱাৰ কাণ্ড মাওবাদীৰ কাণ্ড একে --- ৰঞ্জিত দাস
• কলা পতাকা দেখুৱালে আপত্তি নাই -- দাস
• অসমত হোৱা হিংসাত্মক ঘটনা মাওবাদী আখ্যা ।

Body:• CAAক লৈ অপপ্ৰচাৰ বহুত চলিল বৰ্তমান মানুহে লাহে লাহে সত্য উপলব্ধি কৰিছে । বিদেশীৰ সমস্যা সৃষ্টি কৰিলে কংগ্ৰেছে । চল চাতুৰিৰে ৰাজীৱ গান্ধীয়ে ১৯৫১ৰ পৰিৱৰ্তে ১৯৭১ৰ কৰি লাখে লাখে বিদেশীক স্বদেশী কৰিলে ।
• ৰাজ্যৰ সাম্প্ৰতিক ধুঁৱলী কুঁৱলী পৰিবেশ
#প্ৰকৃত সত্য ৰাইজে জনাৰ পৰা বঞ্চিত হৈছে । সময় লাগিব প্ৰকৃত সত্য জানিবলৈ । ১কোটি ৩০ লাখ বাংলাদেশী আহিব বুলি বিৰাট অপপ্ৰচাৰ চলিল । ৫৪ লাখ মানুহ অসম আহিবলৈ সীমান্তত ৰৈ আছে বুলিও অপপ্ৰচাৰ চলিল । ডিচেম্বৰ মাহৰ ১০ তাৰিখে চলোৱা হ'ল । কিন্তু আজি ২ তাৰিখ জানুৱাৰী মাহৰ। এজনো কিন্তু নাহিল।
এই অপপ্ৰচাৰ কিয়? প্ৰশ্ন ৰণজিৎ দাসৰ ।
Conclusion:• কংগ্ৰেছে চৰ অঞ্চলত মাটিৰ পট্টা দিলে

চাপৰীত কিন্তু পট্টা নিদিলে

চাপৰীত মিছিং,বড়ো,সোণোৱালকে ধৰি খিলঞ্জীয়া থাকে কাৰনে পট্টা প্ৰদান কৰা নাছিল কংগ্ৰেছে

ৰাজনৈতিক মুনাফাৰ বাবে কংগ্ৰেছে এনে কাম কৰি

খিলঞ্জীয়াক দুৰ্বল কৰি বদৰুদ্দিন আজমলৰ দৰে লোকক সাংসদ হোৱাত সহায় কৰিলে

খিলঞ্জীয়াৰ বাবে আমি লোৱা নতুন ভূমি নীতি লওতে শুই শুই প্ৰতিবাদ কৰিলে শ্বেৰমান আলীয়ে

আমি খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিমেই লাগে কোনোবাই আত্মহত্যাই কৰক
Last Updated : Jan 2, 2020, 10:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.