ETV Bharat / state

অগপ এৰি নাযায় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই !

author img

By

Published : Dec 17, 2020, 9:08 PM IST

অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সত্যব্ৰত কলিতা সন্দৰ্ভত দল ত্যাগ কৰাৰ চৰ্চা চলি থকাৰ সময়তে নিজৰ স্থিতি স্পষ্ট কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ দল ত্যাগৰ খবৰক মিছা আখ্যা দিলে বিধায়কগৰাকীয়ে ৷

ৰমেন্দ্ৰ নাৰায়ণ কলিতা
ৰমেন্দ্ৰ নাৰায়ণ কলিতা

গুৱাহাটী, 17 ডিচেম্বৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাৰ দল ত্যাগৰ জোৱাৰ উঠিছে ৷ অসম গণ পৰিষদ দলৰ কেইবাখনো আঞ্চলিক কমিটীয়ে দলত্যাগ কৰাৰ পাচত এইবাৰ শীৰ্ষ নেতা তথা বৰ্তমানৰ বিধায়কে দল এৰাৰ কুছকাৱাজ আৰম্ভ কৰিছে ৷ ইতিমধ্যেই পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাই অগপ এৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে ৷ চৰ্চা চলিছে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সত্যব্ৰত কলিতা সন্দৰ্ভতো ৷ এই সন্দৰ্ভত ব্যাপক চৰ্চা চলি থকা সময়তে নিজৰ স্থিতি স্পষ্ট কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

অগপ এৰি নাযায় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই !

দল ত্যাগৰ খবৰক মিছা আখ্যা দি আগন্তুক নিৰ্বাচনত হাতীৰ ছবিতে নিৰ্বাচন খেলিব বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ নিৰ্বাচনৰ পূৰ্বে এনে চৰ্চা চলাটো স্বাভাৱিক বুলি উল্লেক কৰে তেওঁ ৷ ইফালে অগপৰ বৰ্তমানৰ ১৪ টা সমষ্টি বিজেপিয়ে এৰি দিব লাগিব বুলি কয় বিধায়কগৰাকীয়ে ৷ লগতে সদ্য অগপ ত্যাগী বিধায়ক পবিন্দ্ৰ ডেকাক কটাক্ষ কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ পাটাছাৰকুছিৰ বিধায়কগৰাকীয়ে একমাত্ৰ টিকটৰ আশাতে দল এৰিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক কলিতাই ৷ আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অগপক কৰা সমালোচনাক ইতিবাচক দৃষ্টিভংগীৰে ল'বলৈ দলীয় নেতৃত্বক আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: বন্ধ নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনো আকাশবাণী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.