ETV Bharat / state

নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত ৰাখী বন্ধন উৎসৱ উদযাপন - নুনমাটিস্থিত CRPF

নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত ৰাখী বন্ধন উৎসৱ CRPF জোৱানক ৰাখী পিন্ধালে ৰাজ্যিক বিজেপিৰ মহিলা সদস্যই ৷

raksha-bandhan-celebrations-in-crpf-camp
নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত ৰাখী বন্ধন উৎসৱ উদযাপন
author img

By

Published : Aug 22, 2021, 10:44 PM IST

গুৱাহাটী, ২২ আগষ্ট : ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য এক মাত্ৰা প্ৰদান কৰা উৎসৱ হৈছে পৱিত্ৰ ৰাখী বন্ধন । প্ৰতিবছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত দেশবাসীয়ে পালন কৰি আহিছে ৰাখী বন্ধন উৎসৱ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশ সেৱাত ব্ৰতী হৈ থকা CRPF জোৱান সকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে দেওবাৰে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন ।

raksha-bandhan-celebrations-in-crpf-camp
নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত ৰাখী বন্ধন উৎসৱ উদযাপন

বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে প্ৰথমে জোৱান সকলক পূজা অৰ্চনা কৰি ৰাখি পিন্ধায় আৰু শুভেচ্ছা প্ৰদান কৰে । দেওবাৰে এই অনুষ্ঠানত উপস্থিত থকা ১২৮ নং বেটেলিয়ানৰ অধিনায়ক বিনয় ছেত্ৰীয়ে জোৱান সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে গ্ৰহণ কৰা এই প্ৰচেষ্টাক প্ৰশংসা কৰে । ইফালে কৃতজ্ঞতাৰ চিনস্বৰূপে চিআৰপিএফ জোৱানসকলে ৰাখী পিন্ধোৱা ভগ্নী সকলক একোটাকৈ উপহাৰ প্ৰদান কৰে ।

উল্লেখযোগ্য যে, সংস্কৃতত ‘ৰক্ষা বন্ধন’ৰ অৰ্থ হ’ল ‘সুৰক্ষাৰ বন্ধন’ ৷ বিংশ শতিকাৰ মাজভাগলৈকে, একে ধৰণৰ ৰীতি-নীতি সচৰাচৰ প্ৰয়োগ কৰা হৈছিল ৷ প্ৰাচীন হিন্দু গ্ৰন্থত এই দিনটোতে ৰাখীবন্ধনৰ সৈতে সামঞ্জস্য থকা এক উৎসৱ অনুষ্ঠিত হৈছিল, য'ত এজন ঘৰুৱা পুৰোহিতে তেওঁৰ পৃষ্ঠপোষকসকলৰ মণিবন্ধত তাবিজ বা সূতা বান্ধে ৷ ইয়াৰ বিনিময়ত তেওঁ ধন আৰু উপহাৰ লাভ কৰে ৷ কিছুমান ঠাইত, এতিয়াও এই উৎসৱ পালন কৰা হয় ৷

লগতে পঢ়ক : হিমন্ত চৰকাৰৰ এশ দিনীয়া সফলতাৰ আঁৰত আছে নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ : সোণোৱাল

ৰক্ষাবন্ধনৰ সৈতে ইতিহাসৰ বহু কাহিনী জড়িত হৈ আছে ৷ প্ৰায় 1535 খ্ৰীষ্টাব্দত চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ৰজাৰ মৃত্যুৰ পিছত উপলব্ধি কৰিছিল যে, তেওঁ অকলে গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰে ৷ ৰাণীয়ে নিজৰ সুৰক্ষাৰ বাবে বাদশ্বাহ হুমায়ুনলৈ ৰাখী প্ৰেৰণ কৰে ৷

আন এক লোকবাদ অনুসৰি হুমায়ুনে ৰাখীৰ মৰ্যাদা ৰক্ষা কৰি চিতোৰৰ সুৰক্ষাৰ বাবে সৈন্যসহিতে ৰাওনা হয় ৷ কিন্তু তেওঁলোক পলমকৈ চিতোৰত উপস্থিত হয় আৰু তেতিয়ালৈকে বাহাদুৰ শ্বাহে ৰাণীৰ দুৰ্গ দখল কৰি লয় ৷ হুমায়ুনৰ মোগল ৰাজন্যায়ালয়ৰ ইতিহাসবিদসকলৰ বিৱৰণকে ধৰি সেই সময়ৰ বিকল্প বিৱৰণসমূহত ৰাখী খণ্ডৰ বিষয়ে উল্লেখ কৰা দেখা নাযায় ৷

এই বছৰ ৰাখীবন্ধন 22 আগষ্ট অৰ্থাৎ আজি উদযাপন কৰা হ'ব । ক’ভিড-19 মহামাৰীৰ বাবে ৰাখীৰ আনন্দ ম্লান পৰিলেও কিন্তু একেলগে থকাৰ মনোভাৱ উচ্চ হৈ থাকিব । ৰাখীবন্ধনে সূচায় একত্ৰিত হোৱাৰ উষ্মতা আৰু বন্ধন উদযাপনৰ যথাৰ্থতা ৷

লগতে পঢ়ক : চৰকাৰী চাকৰিত জনসংখ্যা নীতি : অৱশেষত জাৰি হ'ল জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.