গুৱাহাটী,৯ মাৰ্চ: বিজেপিক প্ৰতিহত কৰিবলৈ মহাজোঁট কৰি মহাসংকটত পৰিছে কংগ্ৰেছ । মহাজোঁটৰ আসন ভাগ-বাটোৱাৰাক লৈ দলীয় নেতা-কৰ্মীৰ ক্ষোভৰ সন্মূখীন হ'বলগীয়া হৈছে কংগ্ৰেছ নেতৃত্ব । ৰাজ্যৰ বিভিন্ন সমষ্টিত কংগ্ৰেছৰ নেতা-কৰ্মী আৰু সমৰ্থকসকলে অসন্তুষ্টি ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনো প্ৰতিবাদত উত্তাল হৈ পৰে ।
দলৰ তৃণমূল কৰ্মীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিল প্ৰদেশ কংগ্ৰেছৰ সদৰত । মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত পুৱাৰ পৰাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে । কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মাজৰ আসন বুজাবুজিক লৈ ক্ষুব্ধ হৈছে তৃণমূল কৰ্মী । গৌৰীপুৰত এআইইউডিএফ দলক আসন এৰি দিয়াক লৈ কংগ্ৰেছী কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে ।
প্ৰতিবাদকাৰীসকলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰে । গৌৰীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিলে এআইইউডিএফ-ৰ প্ৰাৰ্থীক ভোট নিদিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে, মহাজোঁটৰ অংশীদাৰ এআইইউডিএফক সমষ্টি এৰি দিয়াক লৈ বৰাককে ধৰি ৰাজ্যৰ কেইবাটাও সমষ্টিত কংগ্ৰেছ কৰ্মীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে ।
লগতে পঢ়ক: সমাগত নিৰ্বাচন: ৰাজ্যত 48 ঘণ্টাত লক্ষাধিক টকা আৰু সুৰা জব্দ