ETV Bharat / state

সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চলো কাৰ্যসূচী - Rajbhawan Chalo

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এক সংবাদমেলৰ আয়োজন কৰে সদৌ অসম উকীল সন্থাই,শুক্ৰবাৰে দিনৰ 11:30 বজাত সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা ‘ৰাজভৱন চলো’ শীৰ্ষক এক সমদল উলিওৱা হ’ব,ইয়াৰ জৰিয়তে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এক স্মাৰক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম উকীল সন্থাই

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এক সংবাদমেলৰ আয়োজন
সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চলো কাৰ্যসূচী
author img

By

Published : Dec 19, 2019, 10:12 PM IST

গুৱাহাটী,19 ডিচেম্বৰঃ সদৌ অসম উকীল সন্থাই বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এক সংবাদমেলৰ আয়োজন কৰে । সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে, "আমি আৰম্ভণিৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছো । অসম আন্দোলন আৰু অসম চুক্তি অনুসৰি 1971 চনৰ পাছত অহা বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব |" ইতিমধ্যে সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে লেখ আবেদন দাখিল কৰিছে । আইনখনে অসমৰ ভাষা সংস্কৃতি বিনষ্ট কৰিব বুলি দাসে কয় ৷ শুক্ৰবাৰে দিনৰ 11:30 বজাত সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা ‘ৰাজভৱন চলো’ শীৰ্ষক এক সমদল উলিওৱা হ’ব । ইয়াৰ জৰিয়তে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এক স্মাৰক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম উকীল সন্থাই ৷ সম্প্ৰতি বিশ্বৰ ভিন্ন স্থানত এই আইন সম্পৰ্কে প্ৰতিবাদ চলি আছে ৷ তেনে সময়ত বিজেপিয়ে আইনখন উত্তৰ-পূৱৰ হিতৰ বাবে অনা বুলি কোৱাটো এক দুৰ্ভাগ্যজনক বুলি দাসে কয় ৷

সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চলো কাৰ্যসূচী

ইপিনে ৰাজ্যৰ শিল্পী সমাজক প্ৰলোভন দি চৰকাৰে এই আইন বিৰোধী প্ৰতিবাদ দুৰ্বল কৰিব বিচাৰিছে । উগ্ৰ দমন নীতিৰে ৰাজ্য চৰকাৰে প্ৰতিবাদী জনতাক ৰুদ্ধ কৰাৰ চেষ্টা চলাইছে ৷ সংবাদমেলখনত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় যে,আন্দোলনৰ সময়ত চৰকাৰে আটক কৰা লোকৰ হৈ উকীল সন্থাই বিনামূলীয়াকৈ ওকালতি কৰিব । তদুপৰি অখিল গগৈক দহ বছৰৰ এটা পুৰণি গোচৰত পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছে । নিয়াই আদালতত হাজিৰ কৰোৱা সময়ত যিদৰে কৃষক নেতাগৰাকীক ধৰি অনা হৈছিল,তাৰ দ্বাৰা মানৱ অধিকাৰ উলংঘন কৰা হৈছে । উগ্ৰ দমন নীতিৰে চৰকাৰে প্ৰতিবাদক দমন কৰিব বিচাৰিছে । বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱাটো দুৰ্ভাগ্যপূৰ্ণ বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে । "কা’ বিৰোধী প্ৰতিবাদত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ লোকে স্ব ইচ্ছাৰে ওলাই আহিছে । সংবিধান বিৰোধী আইন আমি কেতিয়াও মানি নলওঁ" বুলিও দাবী কৰে সদৌ অসম উকীল সন্থাই

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে আয়োজিত সংবাদমেল

লগতে চাওকঃবৃহস্পতিবাৰে ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Intro:সদৌ অসম উকীল সন্থাৰ শুকুৰবাৰে C(A)A বিৰুদ্ধে ৰাজ ভৱন চালো কাৰ্যসূচী

Visual sent through Live U

Body:সদৌ অসম উকীল সন্থাই বৃস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এক সংবাদ মেল অনুষ্ঠিত কৰে। সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে আমি আৰম্ভণিৰ পৰা নাগৰিকত্ব সংশোধনী বিধায়ক আৰু বৰ্তমানেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি আহিছো। অসম আন্দোলন আৰু অসম চুক্তি অনুসৰি 1971 চনৰ পাছত অহা বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব। সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে লেখ আবেদন দাখিল কৰা হৈছে। C(A)A অসৰ ভাষা সাংস্কৃতিক বিনষ্ট কৰিব। সদৌ অসম উকীল সন্থা তৰফৰ পৰা শুকুৰবাৰে দিনৰ 11:30 বজাত ৰাজ ভৱন চলো এক সমদল উলিওৱা হয়। ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতি লৈ এক স্মাৰক প্ৰেৰণ কৰা হব। লগতে দীপক কুমাৰ দাসে কয় যে C(A)A ভাৰতৰ লগতে বিশ্বত এই আইন সম্পৰ্কে প্ৰতিবাদ চলা সময়ত একমাত্ৰ বিজেপিয়ে এই আইনখনক উত্তৰ পূৱৰ হিতৰ বাবে বুলি কোৱাটো এক দুৰ্ভাগ্যজনক। গুৱাহাটীৰ চাৰিটা উকীল সন্থাৰ লগতে সমগ্ৰ অসমত থকা প্ৰায় 46টা জিলা উপায়ুক্ত আৰু জিলা মহকুমাধিপতিৰ জৰিয়তে C(A)A বিৰোধীত কৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ শুকুৰবাৰে প্ৰেৰণ কৰিব। শিল্পী সমাজক প্ৰলোভন দি ৰাজ্য চৰকাৰে C(A)A বিৰোধী প্ৰতিবাদ দুৰ্বল কৰিব বিচাৰিছে। যত চৰকাৰ সফল হোৱাত ব্যৰ্থ হৈ পৰিছে। দমন নীতিৰে প্ৰতিবাদক দমন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে অনুসন্ধান চলাবলৈ অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ লগত বিশ্বাসঘাটক কৰিছে। এই প্ৰতিবাদক আন এক ৰূপ দিয়া চেষ্টাত সম্পূৰ্ণ ভাৱে ব্যৰ্থ হোৱাৰ পাছত মানৱ অধিকাৰ উলংঘা কৰি দহ বছৰ এটা পুৰণি গোচৰৰ অখিল গগৈক বেআইনী ভাৱে গ্ৰেপ্তাৰ কৰি নিয়াৰ হাতত হস্তান্তৰ কৰিছে।

বাইট: দীপক কুমাৰ দাস

Conclusion:এই সংবাদমেলত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা নেকিবুৰ জামানে কয় যে আন্দোলনৰ সময়ত চৰকাৰে গ্ৰেপ্তাৰ কৰা লোকৰ হৈ উকীল সংস্থাই বিনামূলীয়াকৈ ওকালতি কৰিব। অখিল গগৈক দহ বছৰৰ এটা পুৰণি গোচৰত পৰিকল্পিত ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। নিয়াই (N I A) আদালতত হাজিৰ কৰোৱা সময়ত যিদৰে কৃষক নেতা গৰাকীক ধৰি অনা হৈছিল সেয়া মানৱ অধিকাৰ উলংঘনিয় কাম। দমন নীতিৰে চৰকাৰে প্ৰতিবাদক দমন কৰিব বিচাৰিছে। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱাটো দুৰ্ভাগ্যপূৰ্ণ। কা বিৰোধী প্ৰতিবাদত বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে স্ব ইচ্ছাৰে ওলাই আহিছে। বিজেপিয়ে ৰাজ্যত মেৰু বিভাজন কৰিব বিচাৰিছে। কা সংবিধান বিৰোধী, আমি কেতিয়াও মানি নলও। যাক উকীল সংস্থাই অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব বুলি দাবী জনায়।

বাইট: নেকিবুৰ জামানে

Asrar Ansari and Pallav Bora গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.