ETV Bharat / state

ৰাজস্থানৰ ক'টাৰ পৰা অসম আৰক্ষীৰ নেতৃত্বত আহি আছে শিক্ষাৰ্থীৰ এটা দল

ৰাজস্থানৰ ক'টাত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থী সকলক ৰাজ্যলৈ ঘূৰাই আনিবলৈ অসম আৰক্ষীৰ এটা দল উপস্থিত হয় গৈ ৷ । কামৰূপ মহানগৰ সহকাৰী আৰক্ষী অধীক্ষক পণজিৎ‌ দুৱাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ৰাজস্থানৰ পৰা অসমলৈ উভতাই লৈ আহি আছে অসমৰ শিক্ষাৰ্থী সকলক ।

লক ডাউন
ৰাজস্থানৰ ক'টাত অধ্যয়নত অসমৰ শিক্ষাৰ্থীক উভটাই অনাৰ ব্যৱস্থা অসম আৰক্ষীৰ
author img

By

Published : Apr 24, 2020, 9:00 PM IST

Updated : Apr 25, 2020, 9:59 AM IST

গুৱাহাটী, ২৪ এপ্ৰিলঃ দেশজুৰি চলা লক ডাউনৰ বাবেই বহু লোক আবদ্ধ হৈ পৰিছে বিভিন্ন ঠাইত । অসমৰ বহু লোক দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হোৱাৰ সমান্তৰালকৈ ৰাজস্থানৰ ক'টাতো অধ্যয়নৰত বহু শিক্ষাৰ্থী আবদ্ধ হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ক'টাত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থী সকল ১৮ খনকৈ বিশেষ বাছ যোগে অসমলৈ উভটাই অনাৰ ব্যৱস্থা কৰে ।

লক ডাউন
ৰাজস্থানৰ ক'টাত অধ্যয়নত অসমৰ শিক্ষাৰ্থীক উভটাই অনাৰ ব্যৱস্থা অসম আৰক্ষীৰ
লক ডাউন
ৰাজস্থানৰ ক'টাত অধ্যয়নত অসমৰ শিক্ষাৰ্থীক উভটাই অনাৰ ব্যৱস্থা অসম আৰক্ষীৰ

কামৰূপ মহানগৰৰ সহকাৰী আৰক্ষী অধীক্ষক পণজিৎ‌ দুৱাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই যাত্ৰাৰ সময়ত অসমৰ শিক্ষাৰ্থী সকলৰ লগত থাকিব । অসম ৰাজ্যিক পৰিবহন নিগমৰ বিলাসী বছেৰে ৰাজস্থানৰ ক'টাত অধ্যয়নত অসমৰ শিক্ষাৰ্থী সকলক অসমলৈ উভটাই অনা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অসমৰ শিক্ষাৰ্থী সকলৰ এই যাত্রা,নিৰীক্ষণ কৰি আছে আই পি এছ বিষয়া তথা বৰ্তমান ৰাজ্যৰ কৰ'ণা ভাইৰাছৰ কণ্ট্ৰলৰ তত্বাৱধায়ক আনন্দ প্ৰকাশ তিৱাৰী ।

ৰাজস্থানৰ ক'টা অসম আৰক্ষীৰ নেতৃত্বত আহি আছে শিক্ষাৰ্থীৰ এটা দল

উল্লেখ্য যে, ১৮ খন বিলাসী বাছৰ অসম অভিমুখী যাত্রাৰ বাবে প্ৰয়োজন হ'ব ৩৬ ঘণ্টা সময়ৰ । যাত্ৰাৰ সময়ত শিক্ষাৰ্থী সকলক বাটত জিৰণি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে । যাত্ৰাৰ অন্তত শিক্ষাৰ্থীসকলৰ লগতে যাত্রাত লগত থকা আৰক্ষীসকল অসমত উপস্থিত হৈ ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত থাকিব লাগিব বুলিও উল্লেখ কৰে ।

লগতে চাওকঃ গুৱাহাটী-ধুবুৰীত সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু

Last Updated : Apr 25, 2020, 9:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.