ETV Bharat / state

ৰাজেন গোঁহাইক কেবিনেট আৰু ড৹ ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্রীৰ মৰ্যদা - কেবিনেট মৰ্যদা

ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় দশমখন কেবিনেট বৈঠক ।

rajan-gohain-given-cabinet-and-dr-nanigopal-mahanta-the-status-of-minister-of-state
ৰাজেন গোঁহাইক কেবিনেট আৰু ড৹ ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্রীৰ মৰ্যদা প্ৰদান
author img

By

Published : Jul 22, 2021, 7:11 PM IST

গুৱাহাটী, ২২ জুলাই : বিজেপি (BJP) নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ (GOVERNMENT) দ্বিতীয়টো কাৰ্যকালৰ বৃহস্পতিবাৰে দশমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMANTA BISWA SARMA) অধ্যক্ষতাত জনতা ভৱনত (JANTA BHAWAN) অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক (RAJAN GOHAIN) নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে । কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ ‘assam food and civil supplies corporation limited’ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিছে । এই দায়িত্বৰে ৰাজেন গোঁহাইক কেবিনেট মন্ত্ৰী মৰ্যাদা প্ৰদান কৰা হৈছে ।

সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ ননীগোপাল মহন্তক (NONIGOPAL MAHANTA) ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে । আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে । এই দায়িত্বৰে তেওঁক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰা হৈছে ।

ৰাজেন গোঁহাইক কেবিনেট আৰু ড৹ ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্রীৰ মৰ্যদা প্ৰদান

আনহাতে, প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধন পোৱাৰ ক্ষেত্ৰত পূৰ্বতে থকা কিছু অসুবিধা আজিৰ কেবিনেটে দূৰ কৰিছে । সেই অনুসৰি একচনীয়া তথা তৌজিবাহী পট্টা থকাৰ উপৰি বনাঞ্চল অধিকাৰ আইনৰ অধীনত যোগ্য বিবেচিত কৃষকসকলে কিষাণ নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব । ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যান শস্যৰ খেতিয়কসকলকো এইক্ষেত্ৰত যোগ্য বিবেচনা কৰা হ'ব ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰত্যেক জিলাত শিক্ষাৰ বাবে গঠন কৰা হ’ব শিক্ষা জিলা তদাৰক আৰু নিৰীক্ষণ কমিটি । সেইদৰে প্ৰতিটো ব্লকত গঠন কৰা হ’ব শিক্ষা ব্লক তদাৰক আৰু নিৰীক্ষণ কমিটি । শিক্ষা ব্যৱস্থাটোক পঞ্চায়তীৰাজ ব্যৱস্থাটোৰে জড়িত কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ।

সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় য‍াৱতীয় ‍অনুমতি প্ৰদানৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে জিলা উপায়ুক্তসকলক প্ৰদান কৰা হৈছে । পূৰ্বতে এই প্ৰক্ৰিয়া বন বিভ‍গৰ অধীনত হৈছিল । নতুনকৈ ঘোষণা কৰা 'ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালছাৰ' নামৰ চৰকাৰী বিভাগটোক আজিৰ কেবিনেটে অনুমোদন জনায় ।

এই বিভাগটোৰ অধীনলৈ আহিব প্ৰত্নতত্ত্ব বিভাগ, সংগ্ৰহালয় আৰু পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন । সেইদৰে জলজীৱন মিছনক অসমত অধিক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে কেবিনেটে কেতবোৰ নীতি-নিয়ম প্ৰযোজ্য কৰিছে । সেই অনুসৰি এইক্ষেত্ৰত জিলা উপায়ুক্তসকল যথেষ্ট ক্ষমতা প্ৰদান কৰা হৈছে । ১০ কোটি টকালৈকে প্ৰকল্পৰ ক্ষেত্ৰত উপায়ুক্ত পৰ্যায়ত অনুমোদন দিব পাৰিব ।

লগতে পঢ়কঃ আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.