ETV Bharat / state

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি। ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভূটানত যোৱা কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো উপনৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বৃহৎ এলেকা। উজনি আৰু নামনি অসমৰ বিস্তীৰ্ণ এলেকা বুৰ গৈছে বাঢ়নী পানীত

author img

By

Published : Jul 12, 2019, 12:24 AM IST

ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ দ্বিতীয়টো বানত প্ৰভাৱিত হৈছে প্ৰায় দুই লাখ মানুহ ৷ এই পৰ্যন্ত বানত গৃহহাৰা হৈছে ৬২০০০ তকৈও অধিক লোক ৷ পানীৰ তলত আছে ১৪৫ খন গাওঁ ৷ চাওঁক আমাৰ এক প্ৰতিবেদন...

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ দ্বিতীয়টো বানত প্ৰভাৱিত হৈছে প্ৰায় দুই লাখ মানুহ ৷ এই পৰ্যন্ত বানত গৃহহাৰা হৈছে ৬২০০০ তকৈও অধিক লোক ৷ পানীৰ তলত আছে ১৪৫ খন গাওঁ ৷ চাওঁক আমাৰ এক প্ৰতিবেদন...

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি
Intro:নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি। প্ৰায় দুই লাখ মানুহ প্ৰভাৱিত হৈছে দ্বিতীয়টো বানত। উজনি আৰু নামনি অসমত জলমগ্ন হৈছে বিস্তীৰ্ণ এলেকা।

Body:ৰাজ্যত অব্যহত আছে দ্বিতীয়টো বানৰ তাণ্ডৱ, বৰ্তমান ৰাজ্যৰ ১১খনকৈ জিলা বানৰ কবলত পৰিছে আৰু প্ৰায় দুই লাখ লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ৬২০০০ তকৈও অধিক লোক গৃহহাৰা হৈছে বছৰটোৰ এই প্ৰথমটো বানত। মুঠ ১৪ টা ৰাজহ চক্ৰৰ ১৪৫ খন গাওঁ বানপানীৰ ফলত প্লাৱিত হোৱাৰ বিপৰীতে ৬০ হাজাৰতকৈও অধিক লোক গৃহহীন হৈছে দ্বিতীয়টো বানত। ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশ আৰু ভূটানত যোৱা কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো উপনৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বৃহৎ এলেকা। আগন্তক ২৪ ঘণ্টাত ৰাজ্যৰ নদী সমূহৰ জলস্তৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়টো বানত লখিমপুৰ আৰু ধেমাজি জিলা সবাতোকৈ বেছি প্ৰভাৱিত হোৱাৰ লগতে উজনি অসমৰ যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, বিশ্বনাথ আৰু নামনি অসমৰ বৰপেটা আৰু চিৰাংৰ বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ আছে। ৰাজ্যৰ বান প্ৰতিষ্ঠিত পৰা মুকাবিলা কৰিবলৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লোক সষ্টম হৈ আছে।

বাইট : বিষয়া, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা

Conclusion:ব্ৰহ্মপুত্ৰ নদী ৰাজ্যৰ কেইবাখনো জিলাত বিপদ সীমাৰ ওপৰেৰে বৈছে। মহানগৰী গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্থৰ বিপদ সীমা স্পৰ্শ কৰা নাই যদিও আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধ কৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত নিশাৰ ভাগত জাহাজ চলাচল ব্যৱস্থা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৰাইজৰ বাবে জিলা পাৰিবন বিভাগে অধিক বাছ চলাচলৰ ব্যৱস্থাও কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.