গুৱাহাটী, ১০ ডিচেম্বৰ: যানজঁট ৰোধৰ নামত গুৱাহাটী মহানগৰীত চৰকাৰে উৰণ সেতু নিৰ্মাণৰ ধুম উঠাৰ সময়তে শেহতীয়াকৈ উৰণ সেতু নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে মহানাগৰিক ৷ কিছুদিন পূৰ্বে শিক্ষাৰ্থীকে আদি কৰি গুৱাহাটীবাসীয়ে উৰণ সেতুৰ বিৰোধিতা কৰিছিল প্ৰকৃতি ৰক্ষাৰ বাবে ৷ উৰণ সেতু নিৰ্মাণৰ বাবে গুৱাহাটীত হাজাৰ-হাজাৰ গছ কাটি পেলোৱা কাৰ্যত দুখ প্ৰকাশ কৰি উৰণ সেতু নিৰ্মাণৰ বিৰুদ্ধে মাত মাতিছিল একাংশ লোকে ৷
তাৰ পাচতো সিদ্ধান্তত অটল চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে সভা অনুষ্ঠিত কৰে মহানাগৰিকে ৷ প্ৰস্তাৱিত দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় সভাত উপস্থিত ৰাইজে ৷ উৰণ সেতুখনৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ মাজত সৃষ্টি হৈছে নানা আশংকাৰ । ফলত উৰণ সেতুখন নালাগে বুলি সেতুখন নিৰ্মাণ হ’বলগীয়া অঞ্চলৰ ৰাইজ ওলাই আহিছে ।
উল্লেখ্য যে, বিশেষকৈ উৰণ সেতুখন নিৰ্মাণৰ কাম হাতত লোৱাৰ লগলগে সেই অঞ্চলৰ ব্যৱসায়ীসকল শংকিত হৈ পৰিছে । কিয়নো গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰীলৈকে থকা প্ৰায় ৬০০ ব্যৱসায়ী প্ৰতিষ্ঠান স্তব্ধ হৈ পৰিব বুলি সচেতন ৰাইজে দেওবাৰে শিলপুখুৰী ৰাজহুৱা নামঘৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মন্তব্য কৰিছে ।
অতি ঘন জনবসতিপূৰ্ণ আৱাসিক অঞ্চল আৰু ব্যৱসায়িক কেন্দ্ৰ থকা উক্ত অঞ্চলৰ ওপৰত উৰণ সেতুখনে কি প্ৰভাৱ পেলাব তাক লৈ ৰাইজৰ মাজত যথেষ্ট আশংকাৰ সৃষ্টি হৈছে । সেয়ে এই বিষয়টো আলোচনা কৰাৰ বাবে বিশিষ্ট সাংবাদিক মাইনী মহন্তৰ সভাপতিত্বত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মা, চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, শিলপুখুৰী ব্যৱসায়ী সন্থাৰ সভাপতি সঞ্জীৱ গোস্বামীকে কৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে উক্ত ৰাজহুৱা সভাখনত ।
লগতে পঢ়ক: ঋণৰ সুদৰ বাবদ বছৰি ৰাজকোষৰ ওপৰত ৮০০০ কোটি টকাৰ বোজা