গুৱাহাটী, 30 ডিচেম্বৰ : ‘‘দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ’বলগীয়া উৰণ সেতুৰ নিৰ্মাণ সম্পৰ্কে ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰক ৷ জন শুনানি নোহোৱা পর্যন্ত ফ্লাই অ’ভাৰৰ নিৰ্মাণ কাৰ্য স্থগিত ৰাখক ৷’’ এই দাবী স্থানীয় মহানগৰৰ একাংশ ৰাইজৰ ।
শনিবাৰে গুৱাহাটীৰ স্থানীয় ৰাইজৰ হৈ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মা আৰু বামপন্থী নেতা সুপ্ৰকাশ তালুকদাৰে সম্বোধন কৰে এক সংবাদমেলৰ ৷ তেওঁলোকে উৰণ সেতুখনৰ বিতং পৰিকল্পনা আৰু নক্সা ৰাজহুৱা কৰাৰ লগতে ক্ষতিগ্ৰস্ত ব্যৱসায়ী আৰু পৰিয়ালসমূহৰ ক্ষতিপূৰণ সম্পৰ্কে চৰকাৰক নীতি প্ৰণয়ন কৰিবলৈ দাবী জনায় ।
সংবাদমেল সম্বোধন কৰি তেওঁলোকে কয়, ‘‘অসম চৰকাৰে দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ এখন ৬.৩ কিলোমিটাৰ দৈৰ্ঘৰ ফ্লাই অ'ভাৰ নিৰ্মাণৰ কাম হাতত লৈছে । কিন্তু দুৰ্ভাগ্যজনক কথা যে এই নিৰ্মাণ কাৰ্যৰ ফলত ক্ষতিগ্ৰস্ত হ'বলগীয়া হাজাৰ হাজাৰ পৰিয়াল আৰু কেইবা হাজাৰ থলুৱা ব্যৱসায়ীক আস্থাত লোৱা হোৱা নাই । এনে বৃহৎ নিৰ্মাণ কাৰ্যৰ পূৰ্বে জন শুনানিৰ কোনো ব্যৱস্থা কৰা নহ'ল’’ ।
তেওঁ আৰু কয়, ‘‘গুৱাহাটী মহানগৰীৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাৰ কৰা আৰটিআইত লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট কাৰ্যবাহী অভিযন্তাই স্বীকাৰ কৰিছে যে জন শুনানিৰ ব্যৱস্থা নকৰাকৈয়ে নিৰ্মাণ কাৰ্য হাতত লোৱা হৈছে । তেওঁ কয়, ‘‘ফ্লাই অ'ভাৰৰ বিতং নক্সা আৰু পৰিকল্পনা আজিকোপতি ৰাজহুৱা কৰা নহ'ল । ফলত এই পথৰ দুয়োকাষে থকা বাসিন্দা, ব্যৱসায়ী আৰু শিক্ষানুষ্ঠানৰ দৰে প্ৰতিষ্ঠানসমূহ ব্যাপক আশংকা আৰু অনিশ্চয়তাত ভুগিছে’’ ।
তেওঁ আৰু কয়, ‘‘লোক নিৰ্মাণ বিভাগৰ আৰটিআইৰ সমিধানত আৰু উল্লেখ কৰিছে যে প্ৰয়োজনীয় মাটি অধিগ্ৰহণ আৰু ক্ষতিগ্ৰস্তসকলক ভূমিৰ বাবদ ধন আদায় দিয়া সম্পৰ্কে ৰাজহ বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা প্ৰক্ৰিয়া চলিহে আছে । এনে অৱস্থাতে খৰধৰকৈ ফ্লাই অ'ভাৰৰ আধাৰশিলা স্থাপনৰ বাবে আগবঢ়াটো ৰহস্যজনক আৰু অত্যন্ত আপত্তিকৰ’’ ।
তেওঁ আৰু কয়, ‘‘গুৱাহাটীত ইতিপূৰ্বে অভিজ্ঞতা হৈছে যে ফ্লাই অ'ভাৰসমূহ নিৰ্মাণৰ দীঘলীয়া সময়ত সংশ্লিষ্ট ব্যৱসায়ীসকল অপূৰণীয় ক্ষতিৰ সন্মুখীন হয় । ঠেক আৰু ব্যৱসায়ী প্ৰতিষ্ঠানেৰে পৰিপূৰ্ণ এই প্ৰকল্পটো নিৰ্মাণৰ সময়ত এই ক্ষতি যে আৰু বেছি ব্যাপক হ'ব সেয়া ধুৰূপ । কিন্তু ব্যৱসায়ীসকলক ক্ষতিপূৰণ আদায় দিয়াৰ কোনো নীতি চৰকাৰে এতিয়ালৈকে ঘোষণা কৰা নাই । নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত ট্ৰেফিক কিদৰে নিয়ন্ত্ৰণ কৰা হ'ব, ব্যাপক বায়ু আৰু শব্দ প্ৰদূষণ আদিৰ মোকাবিলা কৰা হ'ব সেই সম্পৰ্কে চৰকাৰ সম্পূৰ্ণ নিমাত’’ ।
উক্ত সংবাদমেলতে তেওঁ কয়, ‘‘বাৰিষা কৃত্ৰিম বানৰ কৱলত পৰা এই অঞ্চলটোত এই প্ৰকল্পটোৱে জলমগ্নতাৰ সমস্যা আৰু তীব্ৰ কৰাৰ আশংকা আছে । এই প্ৰকল্পই দীঘলীপুখুৰীলৈ দুৰ্যোগ মাতি অনাৰ আশংকা সৃষ্টি হৈছে । ব্যয়বহুল ফ্লাই অ'ভাৰখনত গুৱাহাটী ক্লাৱ, শিলপুখুৰী, চান্দমাৰী,বামুণীমৈদাম, নিউ গুৱাহাটী আদি বিস্তীৰ্ণ অঞ্চলৰ বাসিন্দাৰ বাবে কোনো ব্যৱস্থা ৰখা হোৱা নাই । অথচ নিৰ্মাণ কাৰ্যৰ যন্ত্ৰণা সকলোৱে ভুগিব লাগিব’’ ।
লগতে তেওঁ কয়, ‘‘গুৱাহাটী মহানগৰীৰ উন্নয়নৰ সৈতে জড়িত মূল দুটা সংস্থা - জিএম ডিএ আৰু গুৱাহাটী পৌৰ নিগমক এই প্ৰকল্প দুটাৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰখাটো আশ্চৰ্যজনক । এনেবোৰ কাৰণত ফ্লাই অ'ভাৰখনৰ প্ৰয়োজনীয়তা সম্পৰ্কেই প্ৰশ্ন উত্থাপিত হৈছে’’ ।
তেওঁ আৰু কয়, ‘‘খৰখেদাকৈ আৰু খেয়ালখুচি মতে এনে প্ৰকল্প হাতত লোৱাৰ সলনি মহানগৰীখনত নতুন বিকল্প পথৰ সন্ধান কৰা উচিত । মেট্ৰ’ ৰেলৰ দৰে গণ পৰিবহণৰ বিকল্পসমূহৰ বিষয়ে অসম চৰকাৰে আওকণীয়া মনোভাৱ দেখুওৱাটো আশ্চৰ্যজনক’’ ।
লগতে পঢ়ক : আলফাৰ চুক্তি বিজেপি দলৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ: লুৰীণজ্যোতি গগৈ