ETV Bharat / state

মহালয়া উদযাপনৰ বাবে চৰকাৰে কোনো নিৰ্দেশনা প্ৰকাশ নকৰাত অসন্তুষ্ট ৰাইজ

author img

By

Published : Sep 16, 2020, 5:17 AM IST

ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন কৰা হ'ব মহালয়া । কিদৰে মহালয়া উদযাপন কৰা হ'ব তাকে লৈ বিভ্ৰান্তিত পৰিছে ভক্তপ্ৰাণ ৰাইজ । কাৰণ কৰ'ণাসৃষ্ট পৰিবেশত কিদৰে মহালয়া আয়োজন কৰিব তাক লৈ এই মুহূৰ্তলৈকে কোনো নিৰ্দেশনা জাৰি কৰা নাই চৰকাৰে ।

mahalaya
mahalaya

গুৱাহাটী, 15 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে দেশজুৰি উদযাপন কৰা হ'ব মহালয়া । পিতৃপক্ষৰ শেষত আৰম্ভ হ'ব দেৱীপক্ষ । ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোতে মৰ্ত্যলৈ আগমন ঘটে দেৱী দুৰ্গাৰ । ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন কৰা হ'ব মহালয়া । প্ৰতিবছৰে মহানগৰীৰ পাণ্ডু-মালিগাঁৱৰ লগতে কেইবাটাও ঘাটত আয়োজন কৰা হয় মহালয়া । কিন্তু এইবাৰৰ পৰিৱেশ সুকীয়া । কিদৰে মহালয়া উদযাপন কৰা হ'ব তাকে লৈ বিভ্ৰান্তিত পৰিছে ভক্তপ্ৰাণ ৰাইজ । কাৰণ কৰ'ণাসৃষ্ট পৰিবেশত কিদৰে মহালয়া আয়োজন কৰিব তাক লৈ এই মুহূৰ্তলৈকে কোনো নিৰ্দেশনা জাৰি কৰা নাই চৰকাৰে ।

মহালয়া উদযাপনৰ বাবে চৰকাৰে কোনো নিৰ্দেশনা প্ৰকাশ নকৰাত অসন্তুষ্ট ৰাইজ

মহালয়াৰ দিনটোত অগণন লোকৰ সমাগম ঘটে এই ঘাটসমূহত । চৰকাৰৰ কোনো নিৰ্দিষ্ট নীতি নিয়ম নাথাকিলে সমস্যাত পৰিব সকলো । কৰ'ণা অতিমাৰীৰ এই জটিল সময়চোৱাত মহালয়া উদযাপনক লৈ যদি প্ৰশাসনে নিৰ্দিষ্ট নিৰ্দেশনা জাৰি নকৰে তেন্তে অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে মালিগাঁও-পাণ্ডুৰ ৰাইজে । লগতে এই সন্দৰ্ভত শীঘ্ৰে নিৰ্দেশনা প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছে ভক্তপ্ৰাণ ৰাইজে ।

লগতে পঢ়ক : অৰুণাচলত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.