ETV Bharat / state

ডনবস্ক' কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্মান্তৰকৰণৰ বাবে হেঁচা প্ৰদানৰ অভিযোগ

author img

By

Published : Sep 3, 2020, 5:38 PM IST

মালিগাঁওস্থিত ডনবস্ক' কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল হৈ পৰে মালিগাঁৱৰ একাংশ ৰাইজ ৷ এগৰাকী লোকক তেওঁৰ লগতে আন লোককো হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিবলৈ হেঁচা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ডনবস্ক' কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

ধৰ্মান্তৰকৰণৰ বাবে হেঁচা প্ৰদানৰ অভিযোগ
ধৰ্মান্তৰকৰণৰ বাবে হেঁচা প্ৰদানৰ অভিযোগ

গুৱাহাটী, 3 চেপ্তেম্বৰ: বৃহস্পতিবাৰে ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে উত্তাল হৈ পৰে মালিগাঁৱৰ একাংশ ৰাইজ ৷ মালিগাঁওস্থিত ডনবস্ক' টেকনিকেল স্কুলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্মান্তৰকৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ একাংশ ৰাইজে ৷ ঘটনা অনুসৰি মালিগাঁৱৰ ডনবস্ক' বিদ্যালয়ৰ সমীপত তুলু কুমাৰ নামৰ গৰাকী লোকৰ দোকান আছিল ৷ বিগত 1978 চনৰ পৰাই সেই স্থানত লোকগৰাকীৰ পিতৃ, ককাকৰ দিনৰ পৰাই সেই দোকানখন আছিল ৷ কিন্তু শেহতীয়াকৈ ডনবস্ক' কৰ্তৃপক্ষই চক্ৰান্ত কৰি লোকগৰাকীক সেই স্থানৰ পৰা তেওঁৰ দোকান খন উঠাবলৈ কোৱাৰ লগতে, তেওঁক ধৰ্ম সলনি কৰি হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিবলৈ হেঁচা প্ৰদান কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং ভুক্তভোগী লোকগৰাকীয়ে ৷

ধৰ্মান্তৰকৰণৰ বাবে হেঁচা প্ৰদানৰ অভিযোগ মালিগাঁওস্থিত ডনবস্ক' কৰ্তৃপক্ষৰ বিৰুদ্ধে

লোকগৰাকীক ভিন্ন প্ৰলোভন দেখুৱাই ধৰ্মান্তকৰণ কৰিবলৈ কোৱাৰ লগতে, তেওঁৰ লগতে আন লোককো খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁক কোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত নোহোৱাৰ বাবেই তেওঁৰ দোকানখন ডনবস্ক' কৰ্তৃপক্ষই ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ৷ সম্প্ৰতি লোকগৰাকীয়ে ডনবস্ক' কৰ্তৃপক্ষৰ বিৰুদ্ধে গোশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ লগতে ডনবস্ক' কৰ্তৃপক্ষৰ এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বৃহস্পতিবাৰে মালিগাঁওস্থিত বিদ্যালয় খনৰ সন্মুখত একাংশ স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: নৱগঠিত ৰাজনৈতিক দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰে: মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.