ETV Bharat / state

CPIM Protest in Guwahati: ত্ৰিপুৰাত CPIMৰ কৰ্মীৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

author img

By

Published : Mar 11, 2023, 9:31 PM IST

ত্ৰিপুৰাত চি পি আই (এম) দলৰ কৰ্মীৰ ওপৰত চলি থকা আক্ৰমণ আৰু হত্যাৰ বিৰোধিতা কৰি গুৱাহাটীত প্ৰতিবাদ (CPIM Protest in Guwahati) ৷ চি পি আই (এম) দলৰ কৰ্মীসকলে গুৱাহাটীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ত্ৰিপুৰাত বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷

CPIM Protest in Guwahati
ত্ৰিপুৰাত CPIMৰ কৰ্মীৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী, 11 মাৰ্চ: গণতন্ত্ৰ আৰু আইনৰ শাসন ৰক্ষা কৰা আৰু ত্ৰিপুৰাত বিজেপিৰ হত্যা-সন্ত্ৰাসৰ ৰাজনীতি বন্ধ কৰাৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ । শনিবাৰে দীঘলীপুখুৰীৰ পাৰত প্ৰায় অৰ্ধশতাধিক CPI(M) দলৰ কৰ্ম-কৰ্তাই সাব্যস্ত কৰে প্ৰতিবাদ (CPIM Protest in Guwahati) ।

ত্ৰিপুৰাত বিৰোধী দলৰ কৰ্মীক আক্ৰমণ বন্ধ কৰা, বিজেপিৰ গুণ্ডাবাহিনীৰ পৰা ত্ৰিপুৰা জনগণক ৰক্ষা কৰা, ত্ৰিপুৰাত গণতন্ত্ৰ আৰু আইনৰ শাসন ৰক্ষা কৰা আদিৰ দাবীৰে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদী সভা আৰু সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদ সাব্যস্ত কৰি বামপন্থী প্ৰবীণ নেতা তথা প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মনে কয়, ‘‘ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ৰাইজে দলে বলে ভোট দিলে । ভোটদানৰ হাৰ 90 শতাংশ হ‘ল কিন্তু বিজেপিৰ ভোটৰ হাৰ কমিলে ৷ যাৰ বাবে ক্ষোভিত হৈ বিৰোধী দলৰ সদস্যসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । বিৰোধী দলৰ কৰ্মীৰ ঘৰ-দুৱাৰ ভাঙি দিয়াৰ লগতে মানুহ হত্যা কৰিছে (Attack on CPIM in Tripura) ।’’ দেশত ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে আৰু সেয়ে গণতন্ত্ৰ ৰক্ষাৰ বাবে সকলোৱে থিয় দিয়াৰ দৰকাৰ বুলিও মন্তব্য কৰে উদ্ধৱ বৰ্মনে ।

চি পি আই (এম) অসম ৰাজ্যিক কমিটীৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, ‘‘ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিয়ে কাণে কাণ মাৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে । বিগত বিধানসভা নিৰ্বাচনত 44 খন আসন বিজেপিয়ে লাভ কৰাৰ বিপৰীতে এইবাৰ 33 খনহে আসন লাভ কৰিছে । 10 শতাংশ আসন কমি যোৱাৰ ফলত ক্ষুব্ধ হৈ বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰত ভয়াবহ আক্ৰমণ কৰিছে (CPIM worker attacked in Tripura) ।’’

লগতে, সংসদীয় প্ৰতিনিধিৰ এটা দল দিল্লীৰ পৰা ত্ৰিপুৰাৰ পৰিস্থিতিৰ বুজ ল’বলৈ যায় যদিও তেওঁলোককো আক্ৰমণ কৰে বুলিও উল্লেখ কৰে সুপ্ৰকাশ তালুকদাৰে ৷ আনহাতে ত্ৰিপুৰাৰ নিৰ্বাচনত নিৰপেক্ষ বাতৰি কৰাৰ বাবে সাংবাদিকোক গ্ৰেপ্তাৰ কৰিছিল । সেয়েহে ত্ৰিপুৰাত গণতন্ত্ৰৰ ওপৰত যি আক্ৰমণ চলিছে তাৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদ হৈছে । আজি অসমত জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । আগন্তুক দিনত অসমত সংগ্ৰাম কৰিব লাগিব বুলিও সম্পাদকগৰাকীয়ে উল্লেখ কৰে (Violence in Tripura)।

উল্লেখ্য যে, 2 মাৰ্চত ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাচৰে পৰা গুণ্ডা বাহিনীয়ে চি পি আই(এম)ৰ নেতা-কৰ্মী, সদস্য-সমৰ্থকৰ ওপৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে ৷ অকথ্য নিৰ্যাতন চলাই দলৰ সদস্য-সমৰ্থকক হত্যা কৰিছে,শ শ কৰ্মীক গুৰুতৰভাৱে আহত কৰিছে আৰু ঘৰ-দুৱাৰ জ্বলাই দি এক সন্ত্ৰাসৰ পৰিৱেশ তৈয়াৰ কৰিছে । পুলিচ-প্ৰশাসনে নিষ্ক্ৰিয়তা অৱলম্বন কৰি এই বৰ্বৰ কৰ্মকাণ্ডক অবাধে চলাই থাকিবলৈ দিছে বুলিও অভিযোগ কৰে CPI(M) ৰ প্ৰতিবাদকাৰীসকলে (CPIM worker attacked by BJP in Tripura) ।

লগতে পঢ়ক: Sarania kachari ST status: শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তন; বিপদাপন্ন নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.