ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ - দেৱজিত বৰুৱা

সংশোধিত আইন বাতিলৰ দাবীত আন্দোলন তীব্ৰ হৈ থকা সময়তে আন্দোলন বন্ধ কৰাৰ স্বাৰ্থত অখিল গগৈ সহ আন প্ৰতিবাদী নেতা সকলক আটক কৰাটো যেন আৰক্ষী প্ৰশাসনৰ এক প্ৰকাৰে লক্ষ্য হৈ পৰিছে । দেওবাৰে কোনো কাৰণ নোহোৱাকৈ চাবুৱা আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰাণ লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি দেৱজিত বৰুৱাক আটক কৰে ৷ দেওবাৰে অখিল গগৈ আৰু দেৱজিত বৰুৱাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

Akhil gogoi
অখিল গগৈ
author img

By

Published : Dec 23, 2019, 8:13 PM IST

গুৱাহাটী, চাবুৱা, মৰাণ 23 ডিচেম্বৰঃ CAAৰ বিৰুদ্ধে আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে সংগঠনটোৱে সোমবাৰৰ পৰা চচলত দুদিনীয়াকৈ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ দিনৰ 10 বজাৰ পৰা 2 বজালৈ অনুস্থিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে পুনৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁলোকৰ স্পষ্ট কথা যে, অসমত কোনো কাৰণতে সংশোধিত আইনখন মানি লোৱা নহ'ব ৷ লগতে নিয়াৰ জিম্মাত ৰখা নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিব লাগে বুলি সংগঠনটোৱে দাবী কৰে ৷ তদুপৰি ৰাজ্য চৰকাৰে , CAAৰ বিৰোধিতা কৰা জাতীয় সংগঠনৰ নেতাক জেললৈ নিক্ষেপ কৰি প্ৰতিবাদ ৰোধ কৰিব খোজা কাৰ্যকো গৰিহনা দিয়ে সংগঠনটোৱে ৷

চচলত CAAৰ বিৰুদ্ধে প্ৰতিবাদ

একেদৰে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাতো কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আৰু CAAৰ বিৰোধিতাৰে যুদ্ধসদৃশ পৰিস্থিতিৰ হয় ৷ সহস্ৰাধিক ৰাইজে উক্ত বিষয় কেইটাৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে চাবুৱাত আৰক্ষীয়ে নিৰীহ যুৱকক গ্ৰেপ্তাৰ কৰি অত্যাচাৰ কৰা কাৰ্য বন্ধ কৰাৰ দাবী কৰি ৰাজপথ উত্তাল কৰি তোলে ৷ ইপিনে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত আৰক্ষী আৰু সেনাৰ বৃহৎ দল মোতায়েন কৰে ৷

চাবুৱাত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

অসমৰ সৰ্বত্ৰে সংশোধিত আইন বাতিলৰ দাবীত আন্দোলন তীব্ৰ হৈ থকা সময়তে ৰজাঘৰীয়াই আন্দোলন বন্ধ কৰাৰ স্বাৰ্থত কৃষক নেতা অখিল গগৈ সহ বহু কেইজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আটক কৰি আন্দোলনৰ পৰা ইতিমধ্যে আঁতৰাই নিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা নতুবা আঞ্চলিক পৰ্যায়ৰ নেতা সকলক যিকোনো প্ৰকাৰে আটক কৰাটো যেন আৰক্ষী প্ৰশাসনৰ এক প্ৰকাৰ লক্ষ্য হৈ পৰিছে । তেনে সময়তে দেওবাৰে মৰাণৰ বামুবাৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সহস্ৰাধিক ৰাইজৰ উপস্থিতত এক বিশাল CAA বিৰোধী প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ ইয়াৰ পাচতে আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰাণ লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি দেৱজিত বৰুৱাক আটক কৰে । কৃষক নেতা জনক কি কাৰণত আৰক্ষীয়ে আটক কৰিছে সেই কথা আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়া হোৱা নাই যদিও সোমবাৰে নেতা জনৰ মুক্তিৰ দাবীত ৰাইজে বামুনবাৰীত 3 ঘন্টীয়া ধৰ্মঘট পালন কৰে ।

মৰাণত কৃষক নেতা অখিল গগৈ আৰু দেৱজিত বৰুৱাৰ মুক্তিৰ দাবীত প্ৰতিবাদ

লগতে পঢ়ক - আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক

Intro:অখিল গগৈৰ মুক্তিৰ দাবীত চচলত প্ৰতিবাদ Body:"কা"ৰ বিৰুদ্ধে আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসুচী অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সেই অনুসৰি সোমবাৰ পৰা দুদিনীয়াকৈ চচলত এক অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰিব সংগঠনটোৱে ৷ দিনৰ ১০ বজাৰ পৰা দুই বজালৈ অনুস্থিত হোৱা এই প্ৰতিবাদী কাৰ্যসুচীৰ জৰিয়তে পুনৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে ৷ তেওঁলোকৰ স্পষ্ট কথা যে অসমত কোনো কাৰনতে মানি লোৱা নহব জাতিধ্বংসী কা ৷ লগতে বিনা দোষত নিয়াৰ জিম্মাত ৰখা সংগঠনটোৰ নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিব লাগে ৷ ৰাজ্য চৰকাৰে কা ৰ বিৰুধিতা কৰা জাতীয় সংগঠনৰ নেতাক জেললৈ নিক্ষেপ কৰি প্ৰতিবাদ ৰোধ কৰিব খোজা কাৰ্যকো গৰিহনা দিয়ে সংগঠনটোৱে ৷Conclusion:লিপিকাা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.