ETV Bharat / state

চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ - অসম ৰাজ্যিক চিৰিয়াখানা

পুনৰবাৰ গো-মাংসৰ বিষয়ে সূত্ৰপাত ঘটাইছে বিতৰ্কৰ ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ মাংসহাৰী জন্তুক গো-মাংস দিয়াৰ বিৰোধিতা কৰি চিৰিয়াখানৰ প্ৰৱেশ পথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই ৷

Protest centered on banning beef meat in zoo guwahati assam etv bharat news
চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ
author img

By

Published : Oct 12, 2020, 8:35 PM IST

গুৱাহাটী,12 অক্টোবৰ: সমগ্ৰ ৰাজ্যতে গো-মাংস বন্ধ কৰাৰ দাবীত সোমবাৰে একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তুৰ বাবে মাংস কঢ়িয়াই অনা বাহন চিৰিয়াখানা চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰে । চিৰিয়াখানাৰ সন্মুখত কেইবাঘণ্টা ধৰি জন্তুৰ বাবে খাদ্য কঢ়িয়াই অনা বাহন আটক কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে ৷

সংগঠনৰ সদস্যসকলে দাবী কৰা অনুসৰি,ৰাজ্যত গো-হত্যা বন্ধ হ’ব লাগে আৰু চিৰিয়াখানাৰ জন্তুক গো-মাংস দিয়া বন্ধ কৰিব লাগে। কোনো কাৰণতে ৰাজ্যিক চিৰিয়াখানাৰ জন্তুক গো-মাংস খাদ্য হিচাপে প্ৰদান নকৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইফালে অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰেঞ্জাৰগৰাকীৰ মতে চিৰিয়াখানাৰ এখন কমিটি আছে য’ত তিনিগৰাকীকৈ পশু বিশেষজ্ঞ চিকিৎসক আছে । এই চিকিৎসকসকলে অসম ৰাজ্যিক চিৰিয়াখানাৰ কোন জন্তুক কি খাদ্য দিব লাগে সেই সন্দৰ্ভত বিশদভাৱে অধ্যয়ন কৰিহে খাদ্য দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে । আনকি চিৰিয়াখানা কৰ্তৃপক্ষই জন্তুবোৰক যি খাদ্য দিয়ে সেয়া ভাৰতীয় কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ খাদ্য তালিকাত সন্নিৱিষ্ট আছে ।

ইফালে হিন্দুত্ববাদী সংগঠনৰ সদস্য আৰু চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে হোৱা দীঘলীয়া আলোচনাৰ পিছতহে মাংস কঢ়িওৱা বাহন চিৰিয়াখানা চৌহদৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হয় । উল্লেখ্য যে, ইয়াৰ পূৰ্বে হিন্দুত্ববাদী নেতা তথা বিজেপি কৰ্মী সত্যৰঞ্জন বৰায়ো চিৰিয়াখানাৰ জন্তুক গো-মাংস দিয়াৰ বিৰোধিতা কৰিছিল ৷

লগতে চাওকঃ বিপিএফ-বিজেপিৰ মাজত সংঘাত নাই: প্ৰবীণ বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.