ETV Bharat / state

Protest against gamosa controversy : গুৱাহাটীত চোঁচৰালে সাংস্কৃতিক মন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Mar 27, 2023, 10:16 PM IST

গুৱাহাটীত প্ৰতিবাদ ৷ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ পুত্তলিকা চোঁচৰালে জাতীয় যুৱ শক্তিয়ে ৷ অসমীয়া স্বাভিমান গামোচাৰ বিকৃতিকৰণ সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে (Protest against gamosa controversy at Guwahati) ৷

Protest against gamosa controversy
গামোচা বিকৃতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ
গামোচা বিকৃতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

গুৱাহাটী, 27 মাৰ্চ : গামোচা বিকৃতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ । সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ পুত্তলিকা চোঁচৰাই প্ৰতিবাদ সাব্যস্ত কৰিলে জাতীয় যুৱ শক্তিয়ে । গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ পৰা আমবাৰী লেম্ব ৰোডস্থিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়লৈ চোঁচৰাই লৈ যায় মন্ত্ৰী বিমল বৰাৰ পুত্তলিকা । বিমল বৰা হায় হায়, সমন্বয়ৰ নামত জাতীয় বস্ত্ৰক অপমান কৰা নচলিব, গামোচা বিকৃতকৰণ নচলিব, গামোচা বিকৃতকৰণ কৰা সংগঠন হুচিয়াৰ আদি শ্ল’গান সম্বলিত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে (Protest against gamosa controversy at Guwahati) ।

প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে বিহুৰ প্ৰাকমুহুৰ্তত অসমীয়া গামোচাক আন গামোচাৰ সৈতে একত্ৰিকৰণ কৰি সমন্বয় ৰক্ষা কৰিব বিচৰা কথাটো কোনো কাৰণতে সহ্য কৰা নহয় । সময়ে সময়ে গামোচাক লৈ বিতৰ্ক হৈয়ে আহিছে বুলি উল্লেখ কৰে। অসমীয়াৰ স্বাভিমান গামোচাখনক বিকৃত নকৰিবলৈ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে সকলোকে সকীয়াই দিয়ে (Assamese pride gamosa controversy) ৷

এনেকুৱা ধৰণে অসমীয়া গামোচাক অপমান নকৰিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে এয়া কেনেকৈ সমন্বয় হ’ব বুলি উল্লেখ কৰে । অসমীয়া গামোচাৰ স্বকীয়তা আছে বুলি উল্লেখ কৰি অসমীয়া গামোচা আৰু বঙালী গামোচা একত্ৰিত হ’ব পাৰে নেকি বুলি প্ৰশ্ন কৰি বিহুৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণত প্ৰধানমন্ত্ৰীক একত্ৰিকৰণ কৰা গামোচাৰে যদি আদৰিব পাৰে তেতিয়া সমন্বয় ৰক্ষা হ’ব বুলি কয় জাতীয় যুৱ শক্তিৰ কৰ্ম-কৰ্তাই ৷ এনেদৰে অসমীয়া গামোচাক অপমান কৰিব নিদিও বুলি মন্তব্য কৰে (gamosa controversy) ।

উল্লেখ্য যে, শেহতীয়াকৈ গামোচাৰ সৈতে জড়িত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ পুৰণি এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ থকা পৰিলক্ষিত হৈছে ৷ উক্ত বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াবলৈ গৈ "গামোচা গামোচা ভাবেই থাকিব লাগে । গামোচাখনক অন্য ৰূপ প্ৰদান কৰিলে স্বাভাৱিকতে সকলো অসমীয়াৰে স্বাভিমানত আঘাত হনাতো স্বাভাৱিক । এই ক্ষেত্ৰত ময়ো ব্যতিক্ৰম নহয়"- বুলি মন্তব্য আগবঢ়াই সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে (Minister Bimal Bora on gamosa controversy) ।

লগতে পঢ়ক : Amritpal Singh news Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.