ETV Bharat / state

constituency delimitation: শুকুৰবাৰে প্ৰতিবাদেৰে শিৱসাগৰ কঁপাব ৰাইজৰ লগতে বিৰোধী শিৱিৰে !

উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত শুকুৰবাৰে শিৱসাগৰৰ দৌলমুখত ৰূপায়িত হ’ব গণ অৱস্থান কাৰ্যসূচী ৷ এই সন্দৰ্ভত সংবাদমেল যোগে ব্যক্ত কৰে সবিশেষ ৷

author img

By

Published : Jun 29, 2023, 9:11 PM IST

constituency delimitation in Sivsagar
Protest against constituency delimitation
দৌলমুখত ৰূপায়িত হ’ব গণ অৱস্থান

শিৱসাগৰ, 29 জুন: শিৱসাগৰৰ আমগুৰিকে আদি কৰি উজনি অসমৰ সমষ্টি কৰ্তনৰ বিৰোধিতাৰে শুকুৰবাৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত গণ অৱস্থান কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছে ৷ প্ৰায়সমুহ বিৰোধী ৰাজনৈতিক দলে এই গণ অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিষয়ে অৱগত কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

এই গণ অৱস্থান কাৰ্যসূচীত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, তৃণমূল কংগ্ৰেছৰ দিলীপ শৰ্মা, চিপআইএমৰ মনোৰঞ্জন তালুকদাৰ, চিপিআইএমএলৰ বলিন্দ্ৰ শইকীয়া, আপৰ সত্যপ্ৰতীম গায়ন, চিপিআইৰ কনক গগৈ, জেডিইউৰ পুলিন চেতিয়া, আৰজেডিৰ কাঞ্চন চেতিয়া, জাতীয় দলৰ দিগন্ত চেতিয়া, এনচিপিৰ অজিত হাজৰিকা উপস্থিত থাকিব ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ পাচত বিয়লি জাতীয় সংগঠনৰ নেতৃবৰ্গৰ সতে বিয়লি শিৱসাগৰৰ আৱৰ্ত ভৱনত মত বিনিময় কৰা হ’ব বুলিও জানিবলৈ দিয়ে ৷ দিনৰ ভাগৰ এই সকলো কাৰ্যসূচী সমাপন কৰি সন্ধিয়া আমগুৰি বিধানসভা সমষ্টিৰ প্ৰতিবাদী ৰাইজৰ কাষত এইসকল প্ৰতিবাদকাৰীৰ নেতৃবৰ্গ উপস্থিত হৈ আলোচনাত মিলিত হ’ব ।

লগতে পঢ়ক: Maha jan sampark abhiyan: বিজেপি নেতাক অহংকাৰ পৰিত্যাগৰ আহ্বান প্ৰবুদ্ধ নাগৰিকৰ

আনহাতে, সংবাদ মেলত শিৱসাগৰ বিধানসভা সমষ্টিৰ মানচিত্ৰৰ পৰা নতুন খচৰা অনুসৰি কোন পঞ্চায়তৰ অধীনৰ কোন গাঁও সলনি হ’ব তাকো সংক্ষিপ্ত আকাৰত দাঙি ধৰে বিধায়ক গৰাকীয়ে । ভৌগোলিকভাৱে সংলগ্ন এলেকাৰ পৰিৱৰ্তে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এলেকা ডিমৌ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যত ৰাইজ অসন্তুষ্ট বুলি মন্তব্য আগবঢ়ায় গগৈয়ে ।

উল্লেখযোগ্য যে, অসমৰ প্ৰায় 12 টা বিৰোধী ৰাজনৈতিক দলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দি শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে এই প্ৰতিবাদী কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰে বিধায়কগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.