গুৱাহাটী, ১৫ ডিচেম্বৰ : নাৰেংগী ৰে’ল ষ্টেচনত অঘটন ৷ বৃহস্পতিবাৰে বিয়লি ভাগত নগাঁও-গুৱাহাটী অভিমুখী নামনিমুৱা কলংপাৰ ট্ৰেইনৰ পৰা নামিবলৈ লোৱাৰ সময়তে ভৰি পিছলি এগৰাকী অধ্যাপিকা ৰে’লৰ তলত সোমাই পৰে ৷ ফলত কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয় অধ্যাপিকাগৰাকী (professor slips and dies from train at Narengi) ৷
জানিব পৰা মতে, মহানগৰীৰ চচল নিবাসী নিহত মহিলাগৰাকী নগাঁও ছোৱালী মহাবিদ্যালয়ৰ, সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা ড৹ সঞ্জিতা সিনহা (৫০) বুলি জানিব পৰা গৈছে । নিউ গুৱাহাটী ৰে’ল আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অধ্যাপিকাগৰাকীয়ে কলেজৰ ক্লাছ সামৰি কলংপাৰ পেচেঞ্জাৰযোগে নগাঁৱৰ পৰা গুৱাহাটীলৈ অহাৰ সময়তে বিয়লি প্ৰায় ৪ বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।
মন কৰিবলগীয়া কথা এই যে, পুৱা আৰু বিয়লি ভাগত অহা কলংপাৰ ট্ৰেইনখনে নাৰেংগী ষ্টেচনত সাধাৰণতে ৰখাই বুলি ধাৰণা কৰিয়েই বহু যাত্ৰীয়ে উক্ত ষ্টেচনটোত উঠা নমা কৰে । সেই অনুমানৰ ভিত্তিতেই চচল স্থিত ঘৰলৈ যোৱাৰ বাবে কলংপাৰ ট্ৰেইনখনত অহা অধ্যাপিকাগৰাকীয়ে নাৰেংগী ৰে’ল ষ্টেচনত নামিবলৈ সাজু হৈছিল ।
ইফালে ট্ৰেইনখনে নাৰেংগী ৰে’ল ষ্টেচনৰ ষ্টপেজ পোৱাৰ লগে লগে গতি পৰিৱৰ্তন কৰি ৰখাবলৈ চেষ্টা কৰাৰ সময়তে অধ্যপিকাগৰাকীয়ে নামিবলৈ উদ্যত হয় ৷ ফলত হঠাৎ ভৰি পিছলি যায় আৰু অকাল মৃত্যুক সাৱটিব লগা হয় অধ্যাপিকাগৰাকীয়ে ৷
ইফালে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনা স্থলীত উপস্থিত হয় নিউ গুৱাহাটী ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে নিহত মহিলাগৰাকীৰ মৃতদেহটো ৷ তথ্য অনুসৰি, কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰাৰ পিচতহে মহিলাগৰাকীৰ মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব ।
জানিব পৰা মতে, চচল ভি আই পি ৰোডত অৱস্থিত পেলেচিয়া লিভিং নামৰ ফ্লেটটোৰ বাসিন্দা আছিল নিহত সঞ্জিতা সিনহা । আনহাতে, তেওঁৰ স্বামী ৰঞ্জিত সিনহা গুৱাহাটী দূৰদৰ্শনত কৰ্মৰত ।
লগতে পঢ়ক : Goalpara Wild Elephant attack update: গোৱালপাৰাৰ ৰাজপথত বন্যহস্তীৰ তাণ্ডৱ