ETV Bharat / state

ৰাহুল গ'ল, এইবাৰ আহি আছে প্ৰিয়ংকা গান্ধী - কংগ্ৰেছ নেতা ৰাহুল গান্ধী

সৌ-সিদিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী সভাত ভাগ লৈ যোৱাৰ পিছত এইবাৰ অসমলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ আহিবলৈ সাজু হৈছে ভগ্নী প্ৰিয়ংকা গান্ধী । অৱশ্যে প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণসূচী এতিয়াও ৰাজহুৱা কৰিব খোজা নাই কংগ্ৰেছ দলে ।

ৰাহুল গ'ল, এইবাৰ আহি আছে প্ৰিয়ংকা গান্ধী

author img

By

Published : Feb 17, 2021, 1:10 PM IST

গুৱাহাটী,১৭ ফেব্ৰুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই শাসক, বিৰোধী উভয় দলৰে ৰাষ্ট্ৰীয় নেতাসকলৰ অসম ভ্ৰমণৰ সোঁত তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিছে । এফালে যদি দহ-পোন্ধৰ দিনৰ মুৰে মুৰে প্ৰধানমন্ত্ৰী, দেশৰ গৃহ মন্ত্ৰীয়ে অসমলৈ আহিবলৈ আৰম্ভ কৰিছে, আনফালে বিৰোধী কংগ্ৰেছ নেতাসকলৰো অসম আগমনৰ গতি বৃদ্ধি পাইছে ।

সৌ-সিদিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী সভাত ভাগ লৈ যোৱাৰ পিছত এইবাৰ অসমলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ আহিবলৈ সাজু হৈছে ভগ্নী প্ৰিয়ংকা গান্ধী । অৱশ্যে প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণসূচী এতিয়াও ৰাজহুৱা কৰিব খোজা নাই কংগ্ৰেছ দলে । কিন্তু প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই সদৰী কৰা মতে ২৫-২৭ ফেব্ৰুৱাৰীৰ ভিতৰত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰীগৰাকী । তেজপুৰ নাইবা বিশ্বনাথ চাৰিআলিৰ যিকোনো এঠাইত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে নামনি অসমতো এখন ৰাজহুৱা সভাত ভাগ ল’ব গান্ধীয়ে ।

লগতে পঢ়কঃ সংস্কৃতি ৰক্ষা কৰাটো বিজেপিৰ নৈতিক দায়িত্ব: ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.