গুৱাহাটী, 10 জানুৱাৰী: চানমাৰীত "CAA" বিৰোধীতাৰে জোঁৰলৈ প্ৰতিবাদত নামিল জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালী। "CAA" ৰ বিৰোধীতাৰে শিল্পীসমাজৰ স'তে হাতত জোঁৰলৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে গায়িকাগৰাকীয়ে ৷ শিল্পী সমাজৰ "CAA" বিৰোধী আন্দোলনত প্ৰিয়ংকা ভৰালীক দেখা নাপাই কিছুদিন পূৰ্বে ডিব্ৰুগড় জিলাৰ কেইবাখনো বিহু মঞ্চই কণ্ঠশিল্পী গৰাকীক বৰ্জন কৰাৰ পিচত শুকুৰবাৰে এইদৰে প্ৰতিবাদী কাৰ্যসূচীত দেখা গ'ল প্ৰিয়ংকা ভৰালীক।
লগতে পঢ়ক: ক'লা পতাকালৈ কেৰেপ নকৰে বিধায়ক বিনোদ হাজৰিকাই
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চানমাৰী আছু আৰু শিল্পী সমাজৰ যুটীয়া প্ৰতিবাদী জোঁৰ সমদলত শুকুৰবাৰে পুনৰ ৰাজপথলৈ ওলাই আহে ৰাইজৰ লগতে শিল্পী সকল। শিল্পী জে পি দাস, বৰ্ষাৰাণী বিষয়া,প্ৰিয়ংকা ভৰালী,অজয় ফুকনৰ লগতে "CAA"ৰ বিৰোধিতা কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে আইনী যুঁজৰ লগতে গণতান্ত্ৰিক প্ৰতিবাদ চলাই যাব আছু আৰু শিল্পী সমাজে লগতে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকে ৷ আনহাতে, ৰাজপথৰ পৰাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা শিল্পী সকলে। বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা চলাইছে বুলি মন্তব্য কৰে শিল্পী সমাজে ।