ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ ভিতৰত চলি আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় - মহানগৰীত আজৱ ঘটনা

এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা ৷ নামত আছে এখন চৰকাৰী বিদ্যালয় ৷ কিন্তু বিদ্যালয়খনৰ ভিতৰত চলি আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়হে (Private school is running inside a govt school in Guwahati) । এই তথ্য পোহৰলৈ অহাৰ পাচতে চকু কপালত উঠিছে সচেতন মহলৰ ৷ পিছে মহানগৰীৰ ক’ত আছে এই বিশেষ বিদ্যালয়খন ? সবিশেষ এই বাতৰিত...

private school is running inside a government school in Guwahati
চৰকাৰী বিদ্যালয়ৰ ভিতৰত চলি আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়
author img

By

Published : Sep 2, 2022, 9:25 PM IST

গুৱাহাটী, ২ ছেপ্টেম্বৰ : মহানগৰীত আজৱ ঘটনা । চৰকাৰী বিদ্যালয়ৰ ভিতৰত চলি আছে এখন ব্যক্তিগত বিদ্যালয় । মহানগৰীৰ ভঙাগড়স্থিত ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়ৰ ভিতৰত চলি আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী বিদ্যলায় (Private school is running inside a govt school in Guwahati)।

চৰকাৰী বিদ্যালয়ৰ ভিতৰত চলি আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়

অভিযোগ অনুসৰি, ১৯৯৭ চনৰ পৰাই চৰকাৰী বিদ্যালয়খনৰ ভিতৰত একাংশই নিজৰ ময়-মতালিৰে চলাই আহিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত সকলো কথা ব্যক্ত কৰে ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়ৰ প্ৰধান শিক্ষক ললিত কুমাৰ ঝাই ৷

প্ৰধান শিক্ষক ললিত কুমাৰ ঝাই কয় যে, ৰাষ্ট্ৰ ভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়খন ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল । ইয়াৰ পিছতে ১৯৯৭ চনত বিদ্যালয়খনৰ ভিতৰত ব্যক্তিগত খণ্ডৰ ৰাষ্ট্ৰ ভাষা প্ৰভাকৰ বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয় । ২০০৭ চনত ৰাষ্ট্ৰ ভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন থকাৰ বাবে আপত্তি দৰ্শোৱাত বিদ্যালয় পৰিদৰ্শকে তিনিদিনৰ ভিতৰত বিদ্যালয়খন সেই স্থানৰ পৰা উঠি যাবলৈ নিৰ্দেশ দিয়ে ।

কিন্তু সেই নিৰ্দেশনাক অংগুস্থ প্ৰদৰ্শন কৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সেল কুমাৰী সিং আৰু প্ৰধান অধ্যাপিকা পুণম সিং বিদ্যালয়খন চলাই আহিছে । বিদ্যালয়খনত অবৈধভাৱে নিৰ্মাণ কাৰ্য চলাইছিল যদিও ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়খনে বাধা প্ৰদান কৰাত বিদ্যালয়খনৰ কাম-কাজ বন্ধ হৈ পৰে ।

ইপিনে ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়খনৰ দুটা কোঠাৰ বাবে পুঁজি অহাত কোঠা দুটা নিৰ্মাণৰ কাম আজি আৰম্ভ কৰাত বাধা প্ৰদান কৰে ব্যক্তিগতখণ্ডৰ বিদ্যালয়খনৰ সভাপতিগৰাকীয়ে ৷ আনকি এই সন্দৰ্ভত ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ সৈতে আৰু সভাপতিগৰাকীৰ কিছু হতাহতি হোৱা বুলি অভিযোগ তৰে প্ৰধান শিক্ষকগৰাকীয়ে ।

উল্লেখ্য যে, ৰাষ্ট্ৰভাষা প্ৰভাকৰ হিন্দী এম ই বিদ্যালয়খন ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ৪০৩ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । আনহাতে ব্যক্তিগত বিদ্যালয়খনত নৱম আৰু দশম শ্ৰেণীহে আছে বুলি প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ হেঁচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.