ETV Bharat / state

Vegetable price hike: মহঙা হ’ল শাক-পাচলি; 100 টকাৰ তলত বজাৰত একোৱেই নাই - শাক পাচলিৰ মূল্যবৃদ্ধি

ৰাজ্যৰ বজাৰত চেঞ্চুৰীৰ দৰ চুইছে শাক-পাচলিৰ মূল্যই ৷ হাতত এমুঠি টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত প্ৰায় কোঙা হৈ পৰিছে গ্ৰাহক ৷

Vegetable price hike till century in Guwahati
শাক-পাচলি খাবনে পইচা?
author img

By

Published : Jul 2, 2023, 4:23 PM IST

শাক-পাচলি খাবনে পইচা?

গুৱাহাটী, 2 জুলাই : বজাৰত লাগিছে জুই ৷ ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে ৷ এতিয়া সাধাৰণ গ্ৰাহকৰ বাবে যেন একো একোটা জলকীয়া, পটল, ভেণ্ডি, বেঙেনাই বিয়াগোম আকাৰ ধাৰণ কৰিছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত প্ৰায় কোঙা হৈ পৰিছে গ্ৰাহক ৷ হাতত এমুঠি টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷ ফলত মূৰে কপালে হাত দিব লগা হৈছে সাধাৰণ জনতাই ৷

দেওবাৰে চহৰখনৰ খুচুৰা পাচলিৰ বজাৰসমূহত বিলাহী প্ৰতিকিলো 100-120 টকা, জিকা 80 টকা, পটল 80-100 টকা, ভেণ্ডি 80 টকা, বেঙেনা 70-80 টকা, অমিতা 60 টকা, অমিতা 60 টকা, ভাতকেৰেলা 80-100 টকা, তিঁয়হ 60 টকা, লেচেৰা 100 টকা, বিন 120 টকা, স্কোৱাচ 80 টকা, গাজৰ 120 টকা, জলকীয়া 350 টকা, কেপচিকাম 320 টকা, ভীমকলৰ ডিল এটাত 100 টকা, নহৰু 230-250 টকা, প্ৰতিযোৰা নেমুত 12 টকা দৰত বিক্ৰী হৈছে ৷

ৰাজ্যত বানে সংহাৰী ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিততে এইদৰে আশ্চৰ্যজনকভাৱে মূল্যবৃদ্ধি হৈছে শাক-পাচলিৰ ৷ শাক-পাচলিৰ বজাৰসমূহত বান-বিভীষিকাৰ গইনা লৈয়েই এচাম অসাধু ব্যৱসায়ী চক্ৰই শাক-পাচলিৰ দাম বৃদ্ধি কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিছে ।

ইফালে খাদ্য, অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কোনো কাণসাৰ নোহোৱা মনোভাৱৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু পাইকাৰী তথা খুচুৰা ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশাত পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি কৰা বুলি সাধাৰণ গ্ৰাহকে মূৰে কঁপালে হাত দিবলগীয়া হৈছে ৷ আনহাতে খুচুৰী ব্যৱসায়ীসমূহেও মূল্যবৃদ্ধিৰ কাৰণ সুধিলে বানৰ বাবে শাক-পাচলিৰ নাটনি হোৱাৰ হোৱাৰ বাবে তেওঁলোকৰ চৰা দামত শাক-পাচলি ক্ৰয় কৰিবলগীয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

কেৱল গুৱাহাটীতেই নহয়, বানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন স্থানতো বৃদ্ধি পাইছে শাক-পাচলিৰ দাম ৷ এইদৰে শাক পাচলিৰ অত্যাধিক দাম বৃদ্ধিয়ে এতিয়া চিন্তিত কৰিছে সাধাৰণ জনতাক ৷

লগতে পঢ়ক: Price Hike in Assam: শাক-পাচলিৰ‌ বজাৰতো জ্বলিছে জুই; মূল্য বঞ্চিত প্ৰকৃত কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.